Friday, February 28, 2020

If Islam Means Peace যদি ইছলামৰ অৰ্থ হৈছে শান্তি, তেন্তে কিয় ইয়াৰ বেছিভাগ ধৰ্মতত্ত্ব ঘৃণা, বিদ্বেষ, আৰুআক্ৰমণাত্মক যুদ্ধৰ সৈতে নিমজ্জিত কিয়?




By Sultan Shahin, Founder-Editor, New Age Islam
চুলতান শ্বাহিনৰ দ্বাৰানিউ এজ ইছলাম
অক্টোবৰ 10, 2016
9/11 কাণ্ডৰ পোন্ধৰ বছৰ পিছত, ইছলামিক সন্ত্ৰাসবাদী গোটসমূহৰ হিংসাত্মক কাৰ্যকলাপসমূহ অধিক জটিল আৰু মাৰাত্মক হৈ উঠিছে ।মানৱতাৰ বিৰুদ্ধে তথাকথিত ইছলামিক ষ্টেটৰ যুদ্ধত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30,000 মুছলমানে অংশগ্ৰহণ কৰা কাৰ্যটোৱে বহুতোকে হতবাক কৰি তুলিছে । সকলোৰে মনত এই প্ৰশ্নটো উদয় হৈছে যে শান্তিপূৰ্ণ আৰু বহুত্ববাদী ধৰ্ম এটাই অতি সহজে কেনেকৈ অমানুষিক দানৱ কিছুমান সৃষ্টি কৰিব পাৰে ?
ইয়াৰ কিছুমান কাৰণ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, মনস্তাত্বিক আৰু এটা অতি সাধাৰণ কাৰণহৈছে আধিপত্যবাদী, বিদেশী-বিদ্বেষ, অসহিষ্ঞুতা, ধৰ্মীয় গোড়ামি আৰু সৰ্বগ্ৰাশী জিহাদী ধৰ্মতত্ত্বৰ আধাৰত সমাজৰ দুৰ্বল শ্ৰেণীৰব্যক্তিসমূহৰ মন পৰিৱৰ্তন কৰাটো ।এইটো হৈছে দেখদেখকৈ ইছলামৰ অপব্যৱহাৰ, কিন্তু প্ৰকৃততে ইছলাম হৈছে পৰিত্ৰাণৰ এটা আধ্যাত্মিক পথ যাক 1.6 বিলিয়ন মুছলমানে বিশ্বাস কৰে আৰু ইয়াত শান্তি, বহুত্ববাদ, সহ-অৱস্থানআৰু ভাল প্ৰতিৱেশী হবলৈ শিকোৱা হয় ।
কিন্তু অতিকম সময়ৰ ভিতৰত জিহাদী মতাদৰ্শই স্বীকৃতি লাভৰ আঁৰত নিশ্চয় কিবা এটা কাৰণ আছে; প্ৰতিষ্ঠিত মধ্যমপন্থী পণ্ডিতসকলে জাৰি কৰা ফতোৱাহসমূহ কিয় অকাৰ্যকৰী প্ৰমাণিত নহয়?জিহাদীসকলে কেনেকৈকিছুমান মুছলিমৰ মনত 100 শতাংশ নিশ্চয়তা প্ৰদান কৰিবলৈ সক্ষম হয় যে মুছলিমকে ধৰি নাস্তিক হিচাপে গণ্য কৰা নিৰপৰাধী ব্যক্তিসকলৰ বিৰুদ্ধে তেওঁলোকে কৰা যুদ্ধই ভগৱানক সন্তুষ্ট কৰিব আৰু তেওঁলোকে স্বৰ্গত স্থান লাভ কৰিব ?
নিশ্চিতভাৱে আমি মুছলমানসকলে আমাৰ ধৰ্মতত্ত্বৰ কিছুমান প্ৰাথমিক বৈশিষ্ট্য পুনৰ বিবেচনা কৰা উচিত । জিহাদীৰ সফলতাৰ আঁৰৰ সত্যটোও ইয়াৰ ভিতৰতেই নিহিত হৈ আছে, জিহাদী ধৰ্মতত্ত্বটো একক চিন্তাধাৰে সমৃদ্ধ আন ইছলামিক গোটসমূহৰ সৰ্বসন্মত ধৰ্মতত্ত্বতকৈ বৰ বেছি পৃথক নহয় । উদাহৰণস্বৰূপে, জিহাদকাৰীসকলে অসহিষ্ঞুতা,বিদেশী-আতংক, পবিত্ৰ কোৰাণত সন্নিৱিষ্ট যুদ্ধকালীন শ্লোক ইত্যাদিৰ অপব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে, যিহেতু মুছলিমসকলে কোনো প্ৰসংগিকতা অথবা সাৰ্বজনীন প্ৰযোজ্যতা বিবেচনা নকৰাকৈ সেই শ্লোকসমূহ অতি নিষ্ঠাৰে বিশ্বাস কৰে । বাস্তৱিকতে মাদ্ৰাছাসমূহত শিকোৱা সৰ্বসন্মত ইছলামিক ধৰ্মতত্ত্বই কৈছে যে কোৰাণখন হৈছে অবিকৃত, ইয়াৰ অৰ্থ হৈছে এইখন ভগৱানৰ এটা দৃষ্টিভংগী; আৰু সেইবাবে ই নিজেই ঐশ্বৰিক ।
 অনুসিদ্ধান্তটো হৈছে যে সাৰ্বজনীনতা আৰু প্ৰযোজ্যতা সম্পৰ্কত কোৰাণৰ কোনো এটা শ্লোকৰ বিৰুদ্ধে প্ৰশ্ন উথ্থাপন কৰিব নোৱাৰি । বাস্তৱিকতে, কোনো মুছলিমে সেইটো কৰিব বিচাৰিলে, ধৰ্ম-নিন্দা কৰাটো সূচাব আৰু তেওঁৰ শাস্তি হব মৃত্যুদণ্ড ।পৃথিৱীত থকা কোৰাণখনক স্বৰ্গস্থিত দৈৱিক-কক্ষত সুৰক্ষিত হৈ কৰি ৰখা মূল কোৰাণখনৰ এটা প্ৰতিলিপি হিচাপে গণ্য কৰা হয়, যাক লাউহ-ই-মেহফুজ বুলি কোৱা হয় ।
এইটো সম্পূৰ্ণ অযুক্তিকৰ । হয়তো মিক্কাৰ অভিজাত শ্ৰেণীয়ে ইছলামৰ হিংসা আৰু নিপীড়নৰ সৈতে সমতাৰ বাৰ্তাটোৰ প্ৰতি সঁহাৰি দিয়া নাছিল, যাৰ ফলস্বৰূপে পয়গম্বৰ মহম্মদে মদিনালৈ পলাবলগীয়া হৈছিল । পয়গম্বৰৰ জীৱনকালত হয়তো কোনো যুদ্ধ হোৱা নাছিল আৰু সেয়েহে হয়তো কোনো যুদ্ধকালীন শ্লোকৰ প্ৰয়োজন হোৱা নাছিল । গতিকে এই শ্লোকসমূহে কেনেকৈ সাৰ্বজনীন প্ৰযোজ্যতা আৰু চিৰন্তন স্বীকৃতি লাভ কৰিব?
কেৱল সেইটোৱে নহয় । লগতে তথাকথিত বাতিলকৰণ মতবাদ সন্দৰ্ভতো ইছলামিক ধৰ্মতত্ত্বত নিকট-সহমত এটা আছে য’ত নেকি অতিকমেও 124 টা শান্তিপূৰ্ণ, বহুত্ববাদী মিক্কান শ্লোকক পিছলৈ প্ৰমুখ্য মেদিনান শ্লোকসমূহৰ দ্বাৰা বাতিল কৰা হৈছিলবুলি বিবেচনা কৰা হয় । এই কাৰ্যটো ইছলামৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু জিহাদৰ বাবে অতি উপযোগী হৈছে ।
ইছলামিক ধৰ্মতত্ত্ববিদসকলে কোৰাণৰ অবিকৃত ধাৰণাটো কেনেকৈ পুনৰবিবেচনা কৰিব, যুক্তিবাদী ব্যক্তি এজনৰ বাবে বোধগম্যহীন বাতিলকৰণ মতবাদটোৰ সৈতে এইখন হৈছে সম্পূৰ্ণ প্ৰশ্নাতীত ধৰ্মশাস্ত্ৰ। এইটো হৈছে এনেকুৱা এটা বিশ্বাস,যাৰ কোৰাণত কোনো ভিত্তি নাই ।পয়গম্বৰৰ মৃত্যুৰ শশ বছৰ পিছত এইটো বিকশিত হৈছিল ।
হাদিথৰ সৈতে সম্পৰ্কিত ঐশ্বৰিকতা আৰু সাৰ্বজনীন প্ৰযোজ্যতা, পয়গম্বৰৰ তথাকথিত বাণীসমূহ, আৰু শ্বাৰিয়া আইন সম্পৰ্কতো সত্য একেটাই ।পয়গম্বৰৰ মৃত্যুৰ দশক আৰু শতিকা পিছত হাদিথৰ বিৱৰণসমূহ বাণীবদ্ধ কৰা হৈছিল । কোৰাণৰ (5:3)প্ৰায় অন্তিম শ্লোকটোৱে কৈছে যেভগৱানে এতিয়া ইছলাম ধৰ্মক পূৰ্ণতা প্ৰদান কৰিছে । এতিয়া আমি শতিকা পিছত কেনেকৈ কিতাপ লিখিম আৰু সেইবোৰক প্ৰকাশিত সাহিত্যৰ মৰ্য্যদা দিম?এতিয়াও আনকি সকলো উলেমা এইটো বিষয়ত একমত যে হাদিথ হৈছে দৈৱবাণী সদৃশ । এইটো স্পষ্টৰূপত অত্যন্ত অযুক্তিকৰ ।
একেদৰে কোৰাণৰ কিছুমান শ্লোক আৰু সেই যুগৰ আৰৱীয় প্ৰথাসমূহৰ ওপৰত ভিত্তি কৰি পয়গম্বৰৰ মৃত্যুৰ 120বছৰ পিছত শ্বাৰিয়াখন সংহিতাবদ্ধ কৰা হৈছিল । এইখন পিছলৈ দেশ সাপেক্ষে আৰু সময় সাপেক্ষে সলনি হৈ থাকিল । যিহেতু আমি বহুসংখ্যক পণ্ডিতৰ চত্ৰচায়াত আছো, সেয়েএই শ্বাৰিয়াখন বিশ্বত প্ৰতিষ্ঠা কৰাটো মুছলিমৰ প্ৰধান ধৰ্মীয় কৰ্তব্য বুলিআমি মুছলিমসকলকে কেনেকৈ কব পাৰো ? 
অল-ঘাজালি, ইবন-ই-টাইমিয়া, আব্দুল ৱাহাব, শ্বেইখ চাৰ্হিন্দি, শ্বাহ ৱালিউল্লাহৰ পৰা আৰম্ভ কৰি ছৈয়দ কুত্ব আৰু মৌলানা মাউদুদিলৈকে, য’লৈকে মুছলিম এজন যায়, তেওঁ অথবা তেখেতে একেটা ইছলাম-আধিপত্যবাদী বাৰ্তা লাভ কৰে ।
 এতিয়া আমি একক চিন্তাধাৰৰগোটসমূহে মানিচলা প্ৰাচীনকালত শিকোৱা কিছুমান উলেমাৰ বিষয়ে বিবেচনা কৰো আহক, আমাক কওঁক:
ইমাম আবু হামিদ অল-ঘাজালি (1058-1111):চুফি ধৰ্মতত্ত্ববিদসকলৰ ভিতৰত সবাতোকৈ মহান হিচাবে বিবেচিত, আৰু অনেকৰ দ্বাৰা পয়গম্বৰ মহম্মদৰ পৰৱৰ্তী হিচাপে স্বীকৃত, ইছলাম সম্পৰ্কত তেওঁৰ মতামত হৈছে:
“… প্ৰত্যেকেই বছৰত এবাৰ জিহাদলৈ যোৱাটো অপৰিহাৰ্য...ব্যক্তি এজনে সিহঁতৰ[অমুছলিম] বিৰুদ্ধে কেটেপা ব্যৱহাৰ কৰিব পাৰে যেতিয়া সিহঁত দুৰ্গ এটাত লুকাই থাকে, আনকি সিহঁতৰমাজত মহিলা আৰু শিশু থকা স্বত্বেও । ব্যক্তি এজনে সিহঁতক জ্বলাই দিব পাৰে আৰু/অথবা পানীত ডুবাই মাৰিব পাৰে... ব্যক্তি এজনে সিহঁতৰ অদৰকাৰী কিতাপসমূহ নষ্ট কৰাটো অপৰিহাৰ্য । জিহাদকাৰীসকলে তেওঁলোকৰ য’ত ইচ্ছা তাত লুট-পাত কৰিব পাৰে... খ্ৰীষ্টিয়ান আৰু জিউসকলে পৰিণাম ভোগাটো অপৰিহাৰ্য... জিজিয়া প্ৰদৰ্শনৰ ক্ষেত্ৰত, ধিম্মিয়ে নিজৰ মূৰটো ওলোমাই দিয়াটো অপৰিহাৰ্য, যেতিয়া পদাধিকাৰসকলে তেওঁৰ দাঢ়ি কোচাত ধৰি লয় আৰু তেওঁৰ কাণৰ তলৰ প্ৰোটুবাৰ্ন্ট অস্থিত আঘাত কৰে... সুৰা অথবা গীৰ্জাঘৰৰ ঘন্টাটো আড়ম্বৰপূৰ্ণভাৱে প্ৰদৰ্শন কৰিবলৈ তেওঁলোকক অনুমতি দিয়া নাই... তেওঁলোকৰ বাসগৃহসমূহ মুছলিম এজনৰ বাসগৃহতকৈ উচ্চ নহব পাৰে, লাগিলেই যিমানেই নিম্ন নহওঁক কিয় । ধিম্মিয়ে সুসজ্জিত ঘোঁৰা অথবা খচ্চৰ এটাত নুঠিব পাৰে; তেখেতে গাধ এটাত উঠিব পাৰে কেৱল যদি পিঠত পৰা খন কাঠৰ হয় । তেখেতে পথৰ ভাল অংশত খোজ নাকাঢ়িব পাৰে । তেওঁলোকে চিনাক্ত কৰিব পৰা চিহ্ন এটা পৰিধান কৰা উচিত[তেওঁলোকৰ বস্ত্ৰত], আনকি মহিলা সকলেও, আৰু আনকি গা-ধোৱা সময়তো... ধিম্মিসকলে নীৰৱে থকাটো অপৰিহাৰ্য...”(কিতাব অল-ৱাগিজ ফি ফিঘ মাধাদ অল-ইমাম অল-ছাফি’ই পিপি. 186, 190, 199-203)
 ইমাম ইবন তায়মিয়া (1263-1328):অতি শ্ৰদ্ধাৰ হানবালি আইনজ্ঞ আৰু ৱাহ্হাবি-চালাফি মুছলিমসকলৰ এজন পণ্ডিত, ছৌডি ৰাজতন্ত্ৰইতেওঁৰ ধৰ্মীয় বিশ্বাসসমূহ প্ৰচাৰ কৰাৰ ফলত, শেহতীয়াকৈ তেওঁৰ প্ৰভাৱ বৃদ্ধি পাইছে:
 “যিহেতু বৈধ সংগ্ৰামেই হৈছে জিহাদ আৰু যিহেতু ইয়াৰ লক্ষ্য হৈছে যে ধৰ্মটো সম্পূৰ্ণৰূপে ভগৱানৰ আৰু ভগৱানৰ মতামতেই সৰ্বোচ্চ, সেয়েহে   মুছলিমসকলৰ মতে, যিসকলে এই লক্ষ্যটোৰ আগত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰাটো বাঞ্চনীয়... পিপল অৱ দ্যা বুক আৰু জৰোষ্ট্ৰিয়ানসকলৰ ক্ষেত্ৰত, তেওঁলোক মুছলিমলৈ ধৰ্মান্তৰিত নোহোৱালৈকে যুদ্ধ কৰি যাব লাগিব অথবা হাতেৰে শ্ৰদ্ধা (জিজিয়া) নিবেদন কৰিব লাগিব আৰু পদানত হব লাগিব । আনবোৰৰ ক্ষেত্ৰত, সিহঁতৰ পৰা শ্ৰদ্ধা গ্ৰহণৰ বৈধতা সম্পৰ্কত আইনজ্ঞসকলৰ মাজত মতভেদ দেখিবলৈ পোৱা যায় । তেওঁলোকৰ বেছিভাগেই ইয়াক অবৈধ হিচাপে গণ্য কৰে...” (ৰুডোল্ফ পিটাৰ্ছৰ‘জিহাদ ইন ক্লাছিকেল এণ্ড মডাৰ্ণ ইছলাম’ নামৰ গ্ৰন্থখনৰ পৰা উদ্ধৃত (প্ৰিন্সটন, এনজে: মাৰ্কাচ ৱেইনাৰ, 1996), পিপি. 44-54) ।
 শাইখ আহমদ চিৰ্হিন্দী (1564-1624):ভাৰতীয় ইছলাম পণ্ডিত, হানিফ আইনজ্ঞ, মুজাদ্দিদ অলফ-ই-চানি হিচাপে বিবেচিত, দ্বিতীয় সহস্ৰাব্দত ইছলামৰ পুনৰ নিৰ্মাণকৰ্তা:
“...ভাৰতবৰ্ষত গৰু কোৰবাণী দিয়াটো হৈছে এটা অন্যতম মহান ইছলামিক প্ৰথা ।”
“কুফৰ আৰু ইছলাম হৈছে এটা আনটোৰ বিৰোধী । এটাৰ ক্ষতি হলেহে আনটোৰ উন্নতি সম্ভৱ আৰু এই দুই স্ববিৰোধী বিশ্বাসৰ মাজত সহ-অৱস্থান অসম্ভৱ ।”
“ইছলামৰ সন্মানটো কুফৰ আৰু কাফিৰসকলক অপমান কৰাত নিহিত হৈ আছে । কোনবাই কাফিৰসকলক সন্মান প্ৰদৰ্শন কৰা মানে মুছলিমক অপমান কৰা ।”
“সিহঁতৰ ওপৰত জাজিয়া আৰোপৰ প্ৰকৃত উদ্দেশ্যটো হৈছে সিহঁতক এনেকৈ অপদস্থ কৰা যাতে জাজিয়াৰ ভয়ত সিহঁতে ভালকৈ পোচাক পৰিধান কৰিবলৈ আৰু আড়ম্বৰপূৰ্ণ জীৱন-যাপন কৰিবলৈ সক্ষম নহয় । সিহঁতে ধাৰাবাহিকভাৱে ভীতিগ্ৰস্ত আৰু কম্পিত হৈ থকা উচিত ।”
“জিউ এজনক হত্যা কৰাটোহৈছে ইছলামৰ বাবে মংগলজনক ।”
(চায়িদ আথাৰ আব্বাছ ৰিজভিৰ মুছলিম ৰিভাইভেলিষ্ট মুভমেন্টচ ইন নৰ্দান ইণ্ডিয়া ইন দ্যা চিক্সটিন এণ্ড চেভেনন্টিন চেঞ্চুৰী নামৰ গ্ৰন্থখনৰ পৰা উদ্ধৃত (আগ্ৰা, লক্ষ্নৌ: আগ্ৰা বিশ্ববিদ্যালয়, বালকৃষ্ঞ বুক কো., 1965), পিপি.247-50; আৰু য়োহানান ফ্ৰাইডমেন্ন, শাইখ আহমদ চিৰ্হিন্দী: তেওঁৰ চিন্তাধাৰৰ আৰু উত্তৰ-পুৰুষ সম্পৰ্কত তেওঁ কৰা অধ্যয়নটোৰ ৰূপৰেখা (মোন্ট্ৰিল, কিউবেক: মেকগিল ইউনিভাৰ্চিটি, ইনষ্টিটিউট অৱ ইছলামিক ষ্টাডিছ, 1971), পিপি. 73-74.)
শ্বাহ ৱালিউল্লাহ দেহ্লাভী (1703-1762): অতি সন্মানীয় ভাৰতীয় পণ্ডিত, ধৰ্মতত্ত্ববিদ, মুহাদ্দিছ (হাদিথ বিশেষজ্ঞ) আৰু আইনজ্ঞ:
“আন সকলো ধৰ্মৰ ওপৰত আধিপত্য প্ৰতিষ্ঠা কৰাটো আৰু ইয়াৰ আধিপত্যৰ বাহিৰত কাকো থাকিব নিদিয়াটোহৈছে পয়গম্বৰৰ প্ৰধান কৰ্তব্য, হয়তো তেওঁলোকে স্বেচ্ছামূলকভাৱে অথবা তিৰস্কাৰৰ সন্মূখীন হৈ এইটো গ্ৰহণ কৰিব লাগিব । এইদৰে ৰাইজক তিনিটা ভাগত বিভক্ত কৰা হব । নীচ কাফিৰ শ্ৰেণী (নাস্তিক), যিসকলক শস্য চপোৱা, মৰণা মৰা, বোজা কঢ়িওৱা আদিৰ দৰে অতি নিম্ন পৰ্য্যায়ৰ শ্ৰমসমূহৰ সৈতে জড়িত কৰা হব, সাধাৰণতে যিবোৰ কাৰ্যৰ বাবে জীৱ-জন্তু ব্যৱহাৰ কৰা হয় । ভগৱানৰ বাৰ্তাবাহকজনেওকাফিৰ সকলৰ ওপৰত দমন আৰু তিৰস্কাৰমূলক আইন প্ৰণয়ন কৰেআৰু সিহঁতৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ আৰু অপদস্থ কৰিবলৈ সিহঁতৰ ওপৰত জাজিয়া আৰোপ কৰে আৰু...কিছাছ (প্ৰতিশোধ), দিয়াট (মৃত্যুৰ ক্ষতিপূৰণ), নিকাহ আৰু চৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত তেওঁ সিহঁতক মুছলিমৰ সমান মৰ্য্যদা নিদিয়ে, যাতে পিছলৈ এই সীমাৱদ্ধতাসমূহে অৱশেষত তেওঁলোকক ইছলাম গ্ৰহণ কৰিবলৈ বাধ্য কৰে ।” (হুজ্জাতুল্লাহু অল-বালিঘাহ, খণ্ড-1, পাঠ- 69, পৃষ্ঠা নং 289)
 মহম্মদ ইবন আব্দুল ৱাহ্হাব (1703-1792): ছৌডি আৰবৰ ৱাহ্হাবি-ছালাফি ধৰ্মীয় বিশ্বাসৰ প্ৰতিষ্ঠাপক :
“মুছলিমসকল মূৰ্তি পূজা (বহুদেৱতাবাদী) শীৰ্ষক ধাৰণাটোৰ পৰা মুক্ত হোৱা স্বত্বেও আৰু মুৱাহ্হিদসকলৰ (এক ভগৱানত বিশ্বাসী) চিন্তাধাৰা অনুসৰি তেওঁলোকৰ কাৰ্য আৰু বক্তব্যত অ-মুছলিমসকলৰ বিৰুদ্ধে শত্ৰুতাআৰু ঘৃণা প্ৰদৰ্শন নকৰালৈকে তেওঁলোকৰ বিশ্বাসটো যথাযুক্ত নহব (যিয়েতেখেতৰ বাবে দৰাচলতে সকলো অ-ৱাহ্হাবি অথবা অ-ছালাফি মুছলিমক সামৰিলয়) । (মাজমুৱা অল-ৰাছায়েল ৱাল-মাছায়েল অল-নাজদিৱাহ 4/291) ।
আবুল অ’লা মাউদুদি (1903-1979): ভাৰতীয় চিন্তাধাৰাৰ ব্যক্তি, জামাত-ই-ইছলামিৰ প্ৰতিষ্ঠাপক:
“পৃথিৱীৰ যিকোনো স্থানতে ইছলামৰ মতাদৰ্শ আৰু কাৰ্যসূচীৰ বিৰোধিতা কৰা ৰাজ্য আৰু চৰকাৰসমূহক ধ্বংস কৰাটো ইছলামে বাঞ্চা কৰে, দেশ অথবা ৰাষ্ট্ৰখনত কোনে শাসন কৰিছে সেইটো বিবেচনা নকৰাকৈ । ইছলামৰ উদ্দেশ্যটো হৈছে ইয়াৰ নিজ মতাদৰ্শ আৰু কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি ৰাজ্য এখন প্ৰতিষ্ঠা কৰা,কোনখন দেশে ইছলামৰ ধ্বজাবাহকৰ ভূমিকা পালন কৰিবঅথবা মতাদৰ্শগত ইছলামিক ষ্টেট এখন প্ৰতিষ্ঠা কৰা প্ৰক্ৰিয়াটোত কোনখন দেশৰ ৰাজতন্ত্ৰৰ পতন ঘটিব সেইটো সেইটো বিবেচনা নকৰি । ...
 “ইছলামে গোটেই পৃথিৱীখন দাবী কৰে –মাত্ৰ এটা অংশ নহয়, সমগ্ৰ গ্ৰহটো... কাৰণ [ইছলামৰ]মতাদৰ্শ আৰু কল্যাণমূলক কাৰ্যসূচীসমূহৰ দ্বাৰা সমগ্ৰ মানৱজাতি উপকৃত হব ... এইক্ষেত্ৰত, ইছলামে বৈপ্লৱিক পৰিৱৰ্তন এটা আনিব পৰা শক্তিসমূক ব্যৱহাৰ কৰাত জোৰ দিয়ে আৰু এই শক্তিসমূহক একেলগে এটা শব্দত ‘জিহাদ’ বুলি কোৱা হয় । .... ইছলামিক ‘জিহাদ’ ৰ উদ্দেশ্যটো হৈছে অমুছলিম শাসনতন্ত্ৰসমূহক উচ্ছেদ কৰা আৰুতাৰ পৰিৱৰ্তে ৰাজ্যখনত ইছলামিক শাসন প্ৰৱৰ্তন কৰা ।” (জিহাদে ইছলামক পূৰ্ণতা প্ৰদান কৰে) ।
 এজন হায়দৰাবাদস্থিত পণ্ডিত, মৌলানা আব্দুল আলীম ইচলাহিয়ে ইছলামত ক্ষমতাৰ ধাৰণাটো সম্পৰ্কত জাৰি কৰা তেখেতৰ ফতোৱাত নিৰ্বিচাৰ হিংসা সমূহক ন্যায্যতা প্ৰদান কৰিছে । এই মৌলানাজনৰ লিখনিসমূহৰ পৰা মোক কিছুমান শাৰী উদ্ধৃতি দিব দিয়ক, যিয়ে হায়দৰাবাদত ছোৱালীৰ মাদ্ৰাছা এখন চলাই আছে আৰু তেখেত ভাৰতীয় মুজাহেদিনৰ বাবে এক অনুপ্ৰেৰণা হিচাপে জনাযায়:
 “এইটো জানি লওঁক যে, ইছলামিক ধৰ্মশাস্ত্ৰ অনুসৰি, তেওঁলোকৰ দেশত নাস্তিকসকলৰ (কুফ্ফাৰ) বিৰুদ্ধে যুদ্ধ কৰাটো হৈছে এটা কৰ্তব্য (ফৰ্জ-ই-কিফায়াহ), উলেমাৰ সহমত অনুসৰি ...
 “... মই সম্পূৰ্ণ বিশ্বাসেৰে কব পাৰো যে কালিমাহ (বিশ্বাসৰ ঘোষণা) বৰ্তাই ৰাখিবৰ নিমিত্তেকিতালক (হত্যা, হিংসা, যুদ্ধ) কেতিয়াও উপদ্ৰৱ অথবা উলংঘন কৰিবলৈ কোৱা হোৱা নাই নতুবা বাৰণ কৰা হোৱা নাই । বৰঞ্চ, কালিমাহ বৰ্তাই ৰখাৰ উদ্দেশ্যে কিতালক কেৱলমাত্ৰ নিৰ্দেশ দিয়াই নহয়, লগতে কিতাপ (কোৰাণ) আৰু চুন্নাহত (হাদিথ) হেঁচা আৰু অনুপ্ৰেৰণাও দিয়া হৈছে । কিতালত নিয়োজিত হবলৈ মুছলিমসকলক প্ৰকৃততে অনুপ্ৰাণিত আৰু প্ৰৰোচিত কৰা হৈছে আৰু ইয়াৰ বাবে তেওঁলোকক ভাল পুৰস্কিত কৰাৰ দৰে ভাল বাৰ্তা দিয়া হৈছে ।”
  “ভুৱা ধৰ্মসমূহৰ ওপৰত ইছলামৰ আধিপত্য বিস্তাৰৰ বাবে সংগ্ৰাম কৰাটো আৰু অহল-ই-কুফৰ-অ-চিৰ্ক (নাস্তিক আৰু বহুদেৱতাবাদী)সকলক পদানত আৰু বশ কৰাটো হৈছে (মুছলিমৰ) কৰ্তব্য, একেদৰে ৰাইজক ধৰ্মান্তৰিত কৰা আৰু ইছলাম গ্ৰহণ কৰিবলৈ আহ্বান কৰাটোও মুছলিমসকলৰ কৰ্তব্য । মুছলিমৰ ওপৰত ন্যস্ত সত্যৰ সাক্ষ্য প্ৰদানআৰু দীন ভগৱানক স্মৰণ কৰাৰ দায়িত্বটো কেৱল মাত্ৰ ধৰ্ম-প্ৰচাৰ আৰু ধৰ্মান্তৰিত কৰাৰ দ্বাৰা পূৰ কৰিব পৰা নাযায় । যদি সেইটোৱে হ’লহেতেন তেন্তে যুদ্ধসমূহৰ প্ৰয়োজন নহলহেতেন ।
 “দীনৰ (ধৰ্ম) আধিপত্য বিস্তাৰিত কৰিবলৈ আৰু অশুভ শক্তিৰ কেন্দ্ৰসমূহ বন্ধ কৰিবলৈ জিহাদ বাধ্যতামূলক । এই কাৰ্যটোৰ ওপৰত গুৰুত্ব আৰপো কৰি কোৰাণ আৰু হাদিথত ভগৱানৰ নামত জিহাদ কৰাৰ সপক্ষে জোৰ দিয়া হৈছে । সেয়েহে সকলো কুফ্ফাৰৰ (নাস্তিক) বিৰুদ্ধে যুদ্ধ কৰিবলৈ মুছলিমসকলক স্পষ্টভাৱে নিৰ্দেশনা দিয়া হৈছে:“সিহঁতে আপোনালোকৰ বিৰুদ্ধে সংযুক্ত মৰ্চাৰে থিয় দিয়াৰ দৰে আপোনালোকেওবহুদেৱতাবাদী (মুশ্বৰিক)সকলৰ বিৰুদ্ধে একগোট হওঁক আৰু যুদ্ধ কৰক” (শুৰাহ তৌবা:9:36)”।
 [মৌলানা আব্দুল আলিম ইচলাহীৰ উৰ্দু পুস্তিকা “টাকত কা ইষ্টেমাল কোৰাণ কি ৰৌশনি মে,”‘দ্যা ইউজ অৱ ভায়’লেঞ্চ, ইন দ্যা লাইথ অৱ দ্যা কোৰাণ’ৰ পৰা উদ্ধৃত আৰু অনুবাদিত]
মৌলানা ৱাহিদুদ্দিন খান (জন্ম 1925), শান্তি আৰু বহুত্ববাদৰ প্ৰৱৰ্তক, তেওঁ কৈছে যে:
 “হাজাৰ হাজাৰ বছৰ ধৰি পয়গম্বৰসকলে বৌদ্ধিক অথবা মিছনাৰি ক্ষেত্ৰখনত কৰি অহা প্ৰয়াসসমূহে এইটো প্ৰমাণিত কৰে যে,ৰাইজক কুসংস্কাৰসমূহৰ (মূৰ্তি-পূজা, কুফৰ) বন্ধনৰ পৰা মুক্ত কৰিবলৈ এই প্ৰয়াসসমূহ যথেষ্ট নাছিল। (সেয়েহে) এইটো আছিল ভগৱানৰ অধ্যাদেশ যে তেওঁ (পয়গম্বৰ মহম্মদ) এজন দা’ই (মিছনাৰি) হোৱাৰ লগতে এজন মা’হি (নিৰ্মূলকৰ্তা) । তেওঁক ভগৱানৰ দ্বাৰা এই বাবে নিয়োজিত কৰা হৈছিলযে তেওঁ যাতে অন্ধবিশ্বাসসমূহক (মূৰ্তি-পূজা, কুফৰ) মিথ্যাচাৰৰ ওপৰত আধাৰিত বুলি কেৱলমাত্ৰ ঘোষণা কৰাতেই ক্ষান্ত নাথাকি সেইবোৰ সম্পূৰ্ণভাৱে  নাইকিয়া কৰিবলৈ প্ৰয়োজন সাপেক্ষে সামৰিক ব্যৱস্থা গ্ৰহণ কৰে”।
 [2003 চনত পুনৰ মুদ্ৰিতমৌলানা ৱাহিদুদ্দিন খানৰ “ইছলাম – ক্ৰিয়েটৰ অৱ দ্যা মডাৰ্ণ ৱৰ্ল্ড,” শীৰ্ষক গ্ৰন্থখনৰ পৰা উদ্ধৃত] ।
এইটো অতি হাস্যকৰ যে মুছলিমসকলৰ মাজত শান্তি আৰু বহুত্ববাদৰ প্ৰৱৰ্তনকৰীজনেও আনকি সৰ্বসন্মতভাৱে গৃহীত ইছলামিক ধৰ্মশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি এইটো স্বীকাৰ কৰে যে পয়গম্বৰৰ কাম হৈছে সামৰিক শক্তি প্ৰয়োগ কৰি হলেও পৃথিৱীৰ পৰা অবিশ্বাসসমূহ নিৰ্মূল কৰা । আৰু যদি সেইটোৱেই হয় তেন্তে পয়গম্বৰৰ অসম্পূৰ্ণ অভিযানটো আগুৱাই নিয়া বুলি দাবী কৰা বিন লাডেন আৰু বাঘদাদিক কেনেকৈ ৰোধ কৰিব ?
এইসমূহ ধৰ্মপোদেশৰ পৰা বাৰ্তাটো অতি স্পষ্ট । ইছলামে পৃথিৱীখনত আধিপত্য বিস্তাৰ কৰাটো অপৰিহাৰ্য আৰু এই প্ৰক্ৰিয়াটোত সহায় কৰাটো প্ৰতিজন মুছলিমৰ দায়িত্ব । মুছলিম এজন যলৈকে যায় তেওঁক একেটা ইছলাম-আধিপত্যবাদী বাৰ্তা দিয়া হয় ।ইছলামিক ধৰ্মতত্ত্বৰ ওপৰত প্ৰকাশিত অধিকাৰিক কিতাপসমূহৰ ভিতৰত শেহতীয়াখন হৈছে 45 টা খণ্ড বিশিষ্টফিকহৰ ব্যাপক বিশ্বকোষ(ইছলামিক ধৰ্মশাস্ত্ৰ) । কুৱেটৰ ৱাকফ আৰু ইছলামিক মন্ত্ৰণালয়ৰ দ্বাৰা নিয়োজিত একক চিন্তাধাৰৰ গোটসমূহৰ পণ্ডিতসকলে প্ৰায় অৰ্ধ শতিকা ধৰি কাৰ্য কৰি এইখন প্ৰস্তুত কৰি উলিয়াইছিল। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হামিদ আঞ্চাৰীয়ে 2009 চনৰ 23 অক্টোবৰ তাৰিখে ইয়াৰ উৰ্দু সংস্কৰণটো উন্মোচন কৰিছিল। 
ইছলামিক ধৰ্মশাস্ত্ৰৰ আটাইতকৈ বেছি প্ৰভাৱশালী কিতাপখন হৈছে 23,000-শব্দ অধ্যায় বিশিষ্ট জিহাদৰ ওপৰত লিখা কিতাপখন । আমি মধ্যমপন্থী মুছলমান আৰু ছুফিসকলেকৈ আহিছো যেব্যক্তি এজনে নিজ নাফছৰ (হীনমান্যতা, ঋণাত্মক চিন্তা) বিৰুদ্ধে সংগ্ৰাম কৰাটো হৈছে প্ৰকৃত আৰু মহান জিহাদ আৰু কিতাল (সংগ্ৰাম) হৈছে নগণ্য আৰু নিম্ন চিন্তাৰ জিহাদ । ওপৰৰ এটা বাক্য বাদ দি সমগ্ৰ পাঠটোৱে কিন্তু নাস্তিক, বহুত্ববাদী অথবা স্বধৰ্মত্যাগী ইত্যাদি শত্ৰুৰসমূহক যুদ্ধ কৰি হত্যা কৰাৰ সৈতে সম্পৰ্কিত ইচ্ছ্যুসমূহৰ বিষয়ে কয়, আৰম্ভণিটোও হৈছে প্ৰৰোচিত ঘোষণা এটাৰে:“জিহাদ মানে হৈছে শত্ৰুৰ সৈতে যুদ্ধ কৰা ।” তাত প্ৰকৃত অথবা মহান জিহাদৰ বিষয়ে কোনো উল্লেখ নাই।
তাৰপিছত ইবন-ই-টাইমিয়াই কৈছে যে: “... গতিকে জিহাদ হৈছে ৱাজিব (দায়িত্বস্বৰূপ), যথাসম্ভৱ যোগ্যতা”। তাৰপিছত চূড়ান্ত নিৰ্ণায়ক সংজ্ঞাটোলৈ আহো: “”পৰিভাষিকভাৱে, জিহাদ মানে হৈছেআল্লাহৰ বাণীসমূহ প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰিবৰ নিমিত্তেইছলমাৰ আহ্বান অগ্ৰাহ্য কৰা অ-জিম্মি অবিশ্বাসী (কাফিৰ)এজনৰ বিৰুদ্ধে যুদ্ধ কৰা ।” (মূল আৰবীৰ পৰা অনুবাদিত)
বুধিয়ক, শিক্ষিত মুছলিম এজনৰ বাবে আমাৰ ভণ্ডামিসমূহ বুজি পোৱাটো কঠিন নহয় । স্পষ্টভাৱে আমাৰ দ্বাৰা চেন্সৰ কৰাসমূহ কট্টৰপন্থী ইছলামবাদী ধৰ্মতত্ত্ব হিচাপে নিয়ন্ত্ৰণ কৰা হয়, যিটো একক চিন্তাধাৰৰ গোটসমূহৰ উলেমাসকলৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা চলিত ইছলামিক ধৰ্মতত্ত্বৰ পৰা পৃথক নহয় ।
মৃত ওচামা বিন লাডেন অথবা এতিয়া বিশ্বব্যাপী জিহাদৰ পিতৃ হিচাপে পৰিচিত তেখেতৰ আদৰ্শতগত গুৰু আব্দুল্লাহ য়ুছুফ আজ্জম, আৰু তেওঁৰ বৰ্তমানৰ উত্তৰাধিকাৰী আবু বক্ৰাল-বাগদাদিয়ে নতুন ধৰ্মতত্ত্ব এটা উদ্ভাৱন কৰা নাছিল । তেওঁলোকে অতি কম সময়ৰ ভিতৰত হাজাৰ হাজাৰ মুছলিম যুৱকক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাৰ অন্তৰালত আছে সৰ্বসন্মত ধৰ্মতত্ত্বৰ ব্যৱহাৰ । আমি মূলসুঁতিৰ মুছলিমখিনিয়ে আমাৰ ভণ্ডামি উপলব্ধ নকৰালৈকে আৰু পাঠ্যক্ৰম সলনি নকৰালৈকে তেওঁলোকে আৰু অধিক যুৱকক আকৰ্ষিত কৰি যাব ।
এই সৰ্বসন্মত ধৰ্মতত্ত্বৰ উপাদানসমূহ কি যাৰ বাবে আমাৰ শিক্ষিত যুবকসকল মৌলবাদী হৈ পৰে? কেইটামান উদাহৰণ হৈছে:
1. কোৰাণত থকা কিছুমান কূটাৰ্থকশ্লোকৰ আক্ষৰিক অধ্যয়নৰ পিছত অধিসংখ্যক মুছলিমে এতিয়া ভগৱানক হৃদয়হীন হিচাপে আৰু তেওঁৰ অনন্যতাত বিশ্বাস নকৰা সকলৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱামনুষ্যৰূপীচৰিত্ৰএটা হিচাপে গণ্য কৰিছে ।ভগৱানৰ কৃপাতবিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অণু-পৰমাণুৰ পৰা সাৰ্বজনীন চেতনা অথবা সাৰ্বজনীন বুদ্ধিমত্বা বিকিৰণ হৈ আছে, চুফি অথবা বেদান্তৰ এই ধাৰণাটোক ইয়াৰ দ্বাৰা অগ্ৰাহ্য কৰা হৈছে । দুৰ্ভাগ্যবশত, চুফি মাদ্ৰাছাসমূহ নিজে নিজে বন্ধ হৈ পৰিছে, একমাত্ৰ ভাৰতীয় উপমহাদেশত আতংকৰ ৱাহদাতুল ৱাজুদ (অস্তিত্বৰ একতা) ধাৰণাটোক বেদান্ত তথা ভগৱান সম্পৰ্কত হিন্দু ধাৰণাটোৰ সৈতে অতি নিবিড় হিচাপে গণ্য কৰা হয় ।
পৰিৱৰ্তে তেওঁলোকে ৱাহদাতুল ৱাজুদৰ নামত চিৰ্হিন্দীৰ ৱাহদাতুল চুহুদ (এপাৰেন্টিজম, উপস্থিতিতৰ একতা) শিকায় । আকবৰৰ ৰাজত্বৰ সময়ত মোহিয়িদ্দিন ইবন-ই-আৰৱী আৰু মনচুৰ অল-হাল্লাজৰ দৰে চুফি শিক্ষাগুৰুসকলৰ বৰ্ধিত প্ৰভাৱটো ৰোধ কৰিবলৈ শেইখ চিৰ্হিন্দীয়ে এই ধাৰণাটোৰ উদ্ভাৱন কৰিছিল ।
 অধিকাংশ ছুফি মাদ্ৰাছাই হজৰত ডাটা গঞ্জ বাক্স হিজৱেৰি দ্বাৰা ৰচিত কাচফুল মহজুব, শাইখ উমৰ চাহাবুদ্দিন চুহ্ৰাৱাৰ্দিৰ দ্বাৰা ৰচিত অৱাৰিফ-উল-মা’অৰিফ, হজৰত নিজামুদ্দিন আউলিয়াৰ দ্বাৰা ৰচিত ফাৱাইদুল ফাউাদ, মৌলানা জালালুদ্দিন ৰুমিৰ দ্বাৰা ৰচিত মচনাৱি, শাইখ চা’দি চিৰাজীৰ দ্বাৰা ৰচিত গুলিস্তান আৰু বোস্তান, মুল্লা চাদ্ৰা চিৰাজীৰ দ্বাৰা ৰচিত চি অচল, শাইখ ইবন উল আৰৱীৰ দ্বাৰা ৰচিত ফুচুচুল হিকাম, ঘাৰীব নৱাজা খৱাজা মোইনুদ্দিন ছিষ্টি আজমেৰি, বাবা ফৰীদ, আমীৰ খুচৰো ইত্যাদি বিখ্যাত চুফিসকলৰ জীৱন আৰু বাণীসমূহ তেওঁলোকৰ পাঠ্যক্ৰমসমূহৰ বাদ দিছে ।
  2. মৌলবাদ মতাদৰ্শৰে উদ্ধৃত উগ্ৰবাদী আৰু কোৰাণৰ বিদেশী-বিদ্বেষ শ্লোকসমূহে আক্ৰমণাত্মক জিহাদৰ সমৰ্থন কৰে । চুফি চিন্তাধাৰৰে সমৃদ্ধ আমি মধ্যমপন্থীসকলে ইয়াৰ বিৰোধ কৰিবলৈ কওঁ যে: প্ৰসংগটোলৈ চাওঁক । এই শ্লোকসমূহ যুদ্ধৰ সময়ত প্ৰযোজ্য হয় আৰু এইসমূহে যুদ্ধ কৰিবলৈ, হত্যা কৰিবলৈ, শ্বহীদসকল পুৰস্কিত কৰিবলৈ আৰু প্ৰকাশ্য শত্ৰুৰ বিৰুদ্ধে অসহিষ্ঞু হবলৈ নিৰ্দেশ দিয়ে । যুগ্মক যুক্তিসমূহ সাপেক্ষে যুদ্ধক্ষেত্ৰত এইটো অস্বাভাৱিক নহয় ।  
এইদৰে যুদ্ধৰ সময়ত মুছলিম-কাফিৰযুটীটোৰ অপৰিহাৰ্য্যভাৱে আবিৰ্ভাৱ ঘটিছিল । মুঠৰ ওপৰত, মেদিনাত প্ৰকাশিত কোৰাণৰ অধিকাংশ যুদ্ধকালীন শ্লোকে বিকশিত পৰিস্থিতৰ পৰিপেক্ষিতত হোৱা যুদ্ধসমূহৰ সময়ত মুছলিমসকলক প্ৰথমে অনুমতি প্ৰদান কৰে আৰু পিছত মাৰ্গদৰ্শন কৰে ।কিন্তু আমি স্বাভাৱিকভাবে প্ৰাসংগিক এই যুদ্ধকালীন শ্লোকসমূহৰ যুক্তিপূৰ্ণ সামাপ্তিৰ ক্ষেত্ৰত কোনো বিতৰ্ক নকৰো, যাৰ ফলস্বৰূপে এই শ্লোকসমূহ এতিয়া অপ্ৰচলিত হৈ পৰিছে;আজিৰ তাৰিখত আমাৰ জীৱনত সেইসমূহ প্ৰযোজ্য নহয় যিহতেু সেইবোৰৰ কোনা প্ৰাসংগিকতা নাই ।
 3. আমি কেৱল মাত্ৰ কোৰাণৰ প্ৰাসংগিক শ্লোকসমূহক অপ্ৰচলিত হিচাপে গণ্য নকৰি, আমি লগতে কোনো প্ৰাসংগিক বাখ্যা অবিহনে সাৰ্বজনীনভাৱে আৰু চিৰকালৰ বাবে মুছলমানসকলৰ মাজত প্ৰযোজ্য ইয়াৰ সকলো শ্লোকৰ সৈতে কোৰাণখন ঈশ্বৰৰ অবিকৃত গুণাৱলী শীৰ্ষক ধাৰণাটোৰ সৈতেও একমত হোৱা উচিত । প্ৰতিখন মাদ্ৰাছাই শিকায় যে কোৰাণখন হৈছে অবিকৃত, ঐশ্বৰিক আৰুভগৱানৰ প্ৰত্যক্ষ উক্তিৰে সমৃদ্ধ, যেনভগৱান মনুষ্যৰূপী । এইটোৱে আমাৰ পূৰ্বৰ যুক্তিসমূহক সম্পূৰ্ণৰূপে নিৰ্মূল কৰে যে কোৰাণৰ উপদেশসমূহ ব্যৱহাৰ কৰোতে আমি প্ৰসংগটো বিবেচনা কৰা উচিত । কি প্ৰসংগ?
 যদি কোৰাণখন ঈশ্বৰৰ অবিকৃত গুণাৱলী, অপৰিৱৰ্তনীয়, চিৰযুগমীয়া,আৰু‘স্বৰ্গস্থিত দৈৱিক-কক্ষত’ (লাউহ-ই-মেহফুজ) সুৰক্ষিত হৈ থকা মূল কোৰাণখনৰ এটা প্ৰতিলিপি হয়, তেন্তে প্ৰসাংগিকতাৰ প্ৰশ্নটো ক’ত?এইটোৱে উগ্ৰবাদী মতাদৰ্শসমূহে আমাৰ যুৱকসকলক উগ্ৰবাদ,বিদেশী-বিদ্বেষ, যুদ্ধ-সংক্ৰান্তীয়কোৰাণৰ অসহিষ্ঞুতাৰ উপদেশসমূহপালন আৰু কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিয়াটোসম্ভৱপৰ কৰিতোলে
 4. ইছলামিক ধৰ্মতত্ত্বত এইটো সৰ্বসন্মত যে পয়গম্বৰ মহম্মদৰ তথাকথিত বাণীসমূহ হৈছে হাদিথ, যিবোৰ দৈৱবাণী সদৃশ । পয়গম্বৰৰ মৃত্যুৰপিছত 300বছৰ ধৰি এইবোৰ যুগুতা হৈছে । যুক্তিবাদী মুছলমানসকলে সেইসমূহৰ বিশ্বাসযোগ্যতা আৰু সত্যতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰে, যদিও উলেমাই ISIS ৰ বিৰোধীতা কৰে, তথাপি কিন্তু হাজাৰ বছৰ পুৰণি হাদিথ-আধাৰিত গৱেষণা গ্ৰন্থখন সম্পৰ্কত প্ৰশ্ন উথ্থাপন কৰিব নোৱাৰে, যিটো হৈছে সহস্ৰবাদৰ ওপৰত জোৰ নিদিয়া অল-কায়দাৰ তুলনাত ISIS অধিক সফল হোৱাৰ অন্যতম কাৰণ।
 পয়গম্বৰৰ ওপৰত আৰোপিত কোৰাণৰ কিছুসংখ্যক কূটাৰ্থক শ্লোক আৰু ভৱিষ্যতবাণীকভাষান্তৰিত কৰা হৈছে এইটো বুজাবলৈ যে পৃথিৱীখন ধ্বংস হোৱাৰ পথত, আৰু ISIS য়ে চলাই থকা এই অন্তিম যুদ্ধখনত ইছলামজয়ী হবলৈ গৈ আছে, গতিকে নাস্তিকসকলে পৰিচালনা কৰা এই নিগমসমূহত কাৰ্য কৰাৰ যুক্তি ক’ত ? তাৰ পৰিৱৰ্তে যুদ্ধত যোগদান কৰি, পৃথিৱী শেষ হোৱাৰ আগেয়ে শ্বহীদ অথবা ঘাজী নহয় কিয়?সেয়ে বিতৰ্ক হয়।
 দিল্লীৰ উৰ্দু বাজাৰত নিৰন্তৰসৰ্বাধিক বিক্ৰী হৈ থকা পুস্তিকাবোৰৰ ভিতৰত এখন হৈছে “কেয়ামত কী পেচিংগোয়ান” (অন্তিম-সময়ৰ পূৰ্বানুমান) । মই এনেকুৱা এখন পুস্তিকা কাইৰো, বগহদাদ, ডামাক্সাচ, ইস্তানবুল আদিৰ ৰাস্তাত বিক্ৰী হোৱাটো কল্পনা কৰো । হাদিথক দৈৱবাণী হিচাপে গণ্য কৰা স্ব-ঘোষিত মধ্যমপন্থীসকলকে ধৰি ধৰ্মতত্ববিদৰ একক চিন্তাধাৰাৰ গোটসমূহৰ পৰা নিৰ্বিবাদ সমৰ্থ লাভ কৰা স্বত্বেও ISIS য়ে কিয় এই বিশ্বাসটোৰ ভাল ব্যৱহাৰ নকৰে ?
 যুদ্ধ এখনত নিৰীহ নাগৰিকসকলক হত্যা কৰা বিষয়টো ন্যায্য প্ৰতিপন্ন কৰিবলৈ হাদিথ ব্যৱহাৰ কৰা হয়, যদিও তাৰ বিৰুদ্ধে কোৰাণত সঘন আৰু স্পষ্ট নিৰ্দেশনা আছে । কিন্তু আপুনি হাদিথক দৈৱবাণী সদৃশ বুলি কোৱা মূহুৰ্ত, কোৰাণৰ দ্বাৰা ন্যায্য হিচাপে বিবেচিত আপোনাৰ “ইছলামত নিৰীহ ব্যক্তি এজনক হত্যা কৰা মানে হৈছে মানৱতাক হত্যা কৰা”এই দাবীটোৰ আপুনি সমাপ্ত ঘটায় ।
 5. প্ৰায় সকলো মুছলমানে শ্বাৰিয়াখনক ঐশ্বৰিক আৰু অপৰিৱৰ্তনীয় হিচাপে গণ্য কৰে, যদিওএইখনকোৰাণত (5:3) ভগৱানৰ দ্বাৰা ইছলামক পূৰ্ণতা প্ৰদান কৰা হোৱাৰপিছত আৰু পয়গম্বৰৰ মৃত্যুৰ 120বছৰ পিছত কোৰাণৰ কিছুমান শ্লোক আৰু ইছলামৰ পূৰ্বৰ আৰৱীয় বেদুইন প্ৰথাসমূহৰ ওপৰত ভিত্তি কৰি প্ৰথমবাৰ সংহিতাবদ্ধ কৰা হৈছিল ।
 ফলাফলটো হৈছে যে অমুছলিম সংখ্যাগৰিষ্ঠ আৰু বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰে সমৃদ্ধ ইউৰোপত বসবাস কৰা মুছলমানসকলেও আনকি শ্বাৰিয়া-অনুৱৰ্তী বিধিসমূহ বিচাৰে । নিজ নিজ বিশ্বাসসমূহ পালন কৰিব বিচৰা সকলে তথাকথিত ইছলামিক ষ্টেটলৈ ধাৱমান হোৱাৰ ক্ষেত্ৰত আচৰিত হবলগীয়া একো নাই, কেতিয়াবা আনকি পৰিয়ালসহিতেও গমন কৰে । ভাৰতবৰ্ষত বসবাস কৰা মধ্যমপন্থী মুছলমানসকলক ভণ্ড বুলি ভবাৰ বাবে মৌলবাদী যুৱকসকলক দোষাৰোপ কৰিব নোৱাৰি । তেওঁলোকে শ্বাৰিয়াৰ ঐশ্বৰিকতা সম্পৰ্কত তেওঁলোকৰ অন্তৰ্নিহিত বিশ্বাসটো কেৱলমাত্ৰতাত্ক্ষণিক বিবাহ-বিচ্ছেদ আৰু বহু-বিবাহৰ দৰে পুৰুষৰ-আধিপত্যবাদী সুবিধাসমূহৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে, য’তনেকি তথাকথিত ইছলামিক ষ্টেটলৈ ধাৱমান হোৱা মৌলবাদীসকলে শ্বাৰিয়াৰ অপৰাধী বিচাৰ ব্যৱস্থা প্ৰণালীৰ কোঠৰতাসমূহ গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, যেনে, চুৰি কাৰ্যৰ বাবে হাত কাটি দিয়া, ব্যভিচাৰ আৰু হত্যাকাণ্ডৰ বাবে মাৰপিট আৰু পাথৰ নিক্ষেপ কৰা ইত্যাদি ।
 6. ইছলামিক ধৰ্মতত্ত্বতই এইটো সম্পৰ্কত এক মত যে কালিফাত এটা প্ৰতিষ্ঠাত সহায় কৰা আৰু সমৰ্থন কৰাটো হৈছে সকলো মুছলমানৰ ধৰ্মীয় কৰ্তব্য, যদিও কোৰাণত প্ৰকৃততে তেনেকুৱা কোনো নিৰ্দেশনা নাই । হাদিথক দৈৱবাণীহিচাপে বিশ্বাস কৰা সকলে কিন্তু ISIS য়ে এই হাদিথৰ ভিত্তিত বৈধ বুলি কব খোজা দাবীসমূহ নিষ্পত্তি কৰিবলৈ অক্ষম : “হজৰত হুজাইফায়ে বাখ্য কৰিছিল যে আল্লাৰ বাৰ্তাবাহকে কৈছে: আল্লাই বিচৰালৈকে আপোনালোকৰ মাজত পয়গম্বৰবোধ ধাৰণাটো বৰ্তি থাকিব । তাৰপিছত পয়গম্বৰবোধৰ আধাৰতেই কলিফাত (খিলাফাহ) আৰম্ভ হব, আৰু আল্লাই বিচৰালৈকে বৰ্তি থাকিব । তাৰপিছত দুৰ্নীতিগ্ৰস্ত/ক্ষতিকাৰক ৰাজতন্ত্ৰ আৰম্ভ হব, আৰু আল্লাই বিচৰালৈকে এইসমূহ বৰ্তি থাকিব । ইয়াৰ পিছত স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ আবিৰ্ভাৱ হব, আৰু আল্লাই বিচৰালৈকে এইসমূহ বৰ্তি থাকিব ।তাৰপিছত পয়গম্বৰবোধৰ আধাৰত আকৌ এবাৰ কালিফত (খিলাফাহ) আৰম্ভ হব ।” (মুচনাদ আহমেদ ইবন হানবালি)।
 7. মুছলিমসকলৰ ধৰ্মীয় কৰ্তব্য হিচাপে শ্বাৰিয়া প্ৰৱৰ্তন নোহোৱা দাৰুল হাৰ্বৰ পৰা ইছলামিক শ্বাৰিয়াৰ জগতলৈ হিজৰাত (প্ৰব্ৰজন) । খলিফা অল-বাঘদাদিৰ তথাকথিত দাৰুল ইছলামৰ পৰা পৰিত্ৰাণ পাবলৈ কেইবা নিযুত মুছলিমে হতাশগ্ৰস্তভাৱে তথাকথিত ইউৰোপীয়ান ‘দাৰুল হাৰ্ব’লৈ খালী ভৰিৰে ঢাপলি মেলাৰ সময়তএইটো অতি হাস্যকৰ হব পাৰে । ছৌডি আৰৱৰ ‘দাৰুল ইছলাম’ য়ে এজনো ব্যক্তিক আশ্ৰয় দিবলৈ অস্বীকাৰ কৰিছে, কিন্তু ইউৰোপীয়ান ‘দাৰুল হাৰ্ব’ য়ে কেইবা নিযুত মুছলামক আশ্ৰয় দিছে । একেদৰে উলেমাই তেওঁলোকৰ ধৰ্মতত্ত্বৰ কোনো অংশৰ বিষয়ে প্ৰশ্ন উথ্থাপন কৰিবলৈ অনুমতি নিদিয়ে ।
 8. একক চিন্তাধাৰৰ গোটসমূহৰ ধৰ্মতত্ত্ববিদসকলে বিশ্বাস কৰে যে কোৰাণৰ পূৰ্বৰ শ্লোক কিছুমান বাতিল কৰা হৈছে আৰু পিছলৈ এইসমূহৰ স্থানত অধিক ভাল আৰু উপযুক্ত শ্লোক কিছুমান প্ৰতিস্থাপিত কৰা হৈছে ।যুদ্ধ, বিদেশী-আতংক আৰু অসহিষ্ঞুতাৰে সমৃদ্ধমেদিনান শ্লোকসমূহৰ দ্বাৰা শান্তি, বহুত্ববাদী, সহানুভূতিশীল, প্ৰতিবেশীৰ প্ৰতি দয়াশীলইত্যাদিৰে সমৃদ্ধ 124 টা মূলগত আৰু গঠনমূলক মিক্কান শ্লোকক প্ৰতিস্থাপিত কৰিবৰ নিমিত্তে মৌলবাদী মতাদৰ্শসমূহৰ দ্বাৰা বাতিলকৰণৰ এই সৰ্বসন্মত মতবাদটো ব্যৱহাৰ কৰা হৈছে ।যেতিয়ালৈকে চুফি ধৰ্মতত্ত্ববিদসকলে এই বাতিলকৰণ মতবাদটোৰ বিৰোধিতা নকৰে, তেতিয়ালৈকে মিক্কান কোৰাণৰ পৰা উদ্ধৃত তেওঁলোকৰ শ্লোকসমূহ অৰ্থহীন হৈ ৰ’ব ।
 9. একক চিন্তাধাৰৰ গোটসমূহৰ ধৰ্মতত্ত্ববিদসকলৰ মাজত এটা সহমত দেখিবলৈ পোৱা যায় যে ইছলামত মুছলিমসকলৰ বাবে কোনো ধৰ্মীয় স্বাধীনতা নাই । স্বধৰ্মত্যাগীসকলক (ইৰ্টিদাদ অথবা ৰিদ্দাহ) মৃত্যুদণ্ডৰে দণ্ডিত কৰা হব । একমাত্ৰ বিতৰ্কটো হৈছে যে স্বধৰ্মত্যাগকাৰী জনক ক্ষমাৰ সুযোগ দি তেওঁক পূৰ্বৰ স্থানলৈ ঘূৰাই অনা উচিত নে। ধৰ্মতত্ত্বৰ এই মূল দৃষ্টিভংগীটোৰ সৈতে, মুছলিমসকলে কেনেকৈ সন্ত্ৰাসবাদী মতাদৰ্শসমূহৰ মোকাবিলা কৰিব, যিয়ে স্বধৰ্মত্যাগ কৰাৰ অপৰাধত যথেষ্ট সংখ্যক মুছলিমক হত্যাৰ নিৰ্দেশ দিছে ? তেওঁলোকৰ দৃষ্টিত ISIS আৰু আন তেনেকুৱা গোটৰ সদস্য নোহোৱা মুছলিমসকল হৈছে স্বধৰ্মত্যাগী, বিশেষকৈ ছিয়া, আহমদী, য়েজিদিচ, ইত্যাদিবোৰ । এই ধৰ্মতত্ত্বটোৰ মোকাবিলা নকৰাকৈ আমি কেনেকৈ আমাৰ যুৱকসকলক মৌলবাদী কৰিতোলাটো প্ৰতিৰোধ কৰিম ?
 10. সমস্যাটো হৈছে প্ৰকৃততে মুছলিম কোন? এই সংক্ৰান্তত মুছলিমসকলৰ মাজত কোনো সহমত নাই । 1954 চনত হোৱা আহমদীয়া-বিৰোধী সংঘৰ্ষৰ পিছত নায়্যাধীশ মুনিৰ নেতৃত্বত পাকিস্তানত গঠন কৰা অনুসন্ধান কমিটিয়ে ৰিপোৰ্ট দিছিল যে মুছলিমৰ সংজ্ঞা সন্দৰ্ভত কোনো দুটা উলেমাই একমত পোষণ কৰা নাছিল । আদৰ্শগতভাৱে, কোৰাণখন আমাৰ মাৰ্গদৰ্শক হোৱা উচিত, যাৰ বাবে  আনকি হজৰত মুছা অথবা মোজেছে ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিছিল, পয়গম্বৰ মহম্মদৰ আগমনৰ বহু আগতে, তেখেতো এজন মুছলিম আছিল (কোৰাণ 10.90)।
 আল্লাই ধৰ্মান্তৰিত হোৱা কিন্তু ‘এতিয়ালৈকে অন্তৰৰে বিশ্বাস নকৰা’ মুছলমানসকলৰ বিষয়ে আমাক অৱগত কৰে (কোৰাণ 49:14) । আৰু আল্লাই এতিয়ালৈকে তেওঁলোকৰ বাবে একো শাস্তি নিৰ্ধাৰণ কৰা নাইনতুবা তেওঁলোকক ইছলামৰ বন্ধনৰ পৰা উলিয়াই দিয়া নাই । এইটোৱে বুজায় যে যিয়ে বিশ্বাস কৰা বুলি দাবী কৰে অথবা ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰে তেখেতেই হৈছে এজন মুছলিম । ইৰ্জা গ্ৰহণ কৰিবলৈ মুছলিমে অতিকমেও কৰিবলীয়াটো হৈছে, মুৰ্জিয়াছটোৰ স্থান (স্থগিতকৰ্তাসকল), যিয়ে কৈছিল আমি ৰায়দানৰ দিনটোৰ বাবে বিশ্বাস সংক্ৰান্তীয় বিষয়সমূহৰ ক্ষেত্ৰত ৰায়দান স্থগিত ৰাখো আহক । বিশ্বাস সংক্ৰান্তীয় বিষয়সমূহৰ ক্ষেত্ৰত কৰিবলগীয়া বিচাৰটো আহক আমি ভগৱানৰ ওপৰত এৰি দিওঁ ।ব্যক্তি এজনৰ অন্তৰত কি লুকাই আছে আমি যিহেতু নাজানো, গতিকে তেখেতে কি বিশ্বাস কৰে অথবা নকৰে তাৰ ওপৰত ভিত্তি কৰি তেখেতক শাস্তি প্ৰদান কৰিবলৈ আমি কোন? এটা অতি যুক্তিপূৰ্ণ কথা, কিন্তু মুছলিমসকলে প্ৰথমে যৌক্তিকতা অথবা কোৰণা আকোঁৱালি লব পাৰিব লাগিব ।
 11. ধৰ্মৰ বিৰুদ্ধাচৰণৰ ক্ষেত্ৰতো একেটাই কথা । সৰ্বসন্মত ইছলামিক ধৰ্মতত্ত্ব অনুসৰি ধৰ্মৰ বিৰুদ্ধাচৰণকৰ্তাৰ শাস্তি হৈছে মৃত্যুদণ্ড, আনকি অভিযোগসমূহ যিমানেই দুৰ্বল নহওক কিয় । বহুতো মুছলিম দেশত ধৰ্ম-নিন্দা বিৰোধী আইন আছে, এই আইনখনৰ অপব্যৱহাৰ কৰা দেশখন হৈছে পাকিস্তান । দুৰ্ভাগ্যবশত, চুফি-চিন্তাধাৰৰ মুছলমানসকলে এই ক্ষেত্ৰত আগভাগ লয় আৰু আনকি তেওঁলোকৰ কিছুমান হত্যাকাৰী সকলৰ মাজৰ এজন ।ISIS ৰ মতাদৰ্শৰ সৈতে আমি কেনেকৈ যুদ্ধ কৰিম, যদি আমাৰ নিজ মতাদৰ্শসমূহও একেটাই হয়?
 স্পষ্টভাৱে ইছলামিক ধৰ্মতত্ত্বসমূহ পুনৰ বিবেচনা কৰাৰ সময় আহি পৰিছে, কেৱল মাত্ৰ জিহাদ নিৰ্মূল কৰিবৰ নিমিত্তে নহয় লগতে মহিলা, শিশু, সমকামী, ধৰ্মীয় সংখ্যালঘু, নাস্তিক ইত্যাদি সকলৰ মানৱ অধিকাৰকে ধৰি গুৰুত্বপূৰ্ণ বিতৰ্কসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ।
 (চুলতান শ্বাহিন হৈছে এটা প্ৰগতিশীল ইছলামিক ৱেবচাইট NewAgeIslam.com ৰ প্ৰতিষ্ঠাপক সম্পাদক । এই নিবন্ধটো 2016 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে UNHRC ত তেওঁ দিয়া ভাষণৰ ওপৰত আধাৰিত ।)
এই নিবন্ধটো সৰ্বোপ্ৰথম Sabrangindia.in ত প্ৰকাশিত হৈছিল

No comments:

Post a Comment