Monday, March 9, 2020

Sultan Shahin Addresses 43rd UNHRC Session ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদে অ’আইচিৰ সদস্য ৰাষ্ট্ৰবোৰে মানৱাধিকাৰ চনদৰ দফাবোৰ কাৰ্যকৰী কৰাটো সুনিশ্চিত কৰক




By Sultan Shahin, Founder-Editor, New Age Islam

ছুলতান শ্বাহীন,  প্ৰতিস্থাপক সম্পাদক, নিউ এজ ইছলাম

৬ মাৰ্চ, ২০২০

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদে  আইচিৰ সদস্য ৰাষ্ট্ৰবোৰে মানৱাধিকাৰ চনদৰ দফাবোৰ কাৰ্যকৰী কৰাটো সুনিশ্চিত কৰক , জেনেভাত অনুস্থিত ৪৩তম অধিবেশনত নিউ এজ ইছলামৰ প্ৰতিস্থাপক সম্পাদক শ্বাহীন ছুলতানৰ ভাষণ

জেনেভাৰ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ ৪৩তম অধিবেশনত (২৪ ফেব্ৰুৱাৰী-২০ মাৰ্চ, ২০২০) মৌখিক ভাষণ

সাধাৰণ বিতৰ্ক, বিষয় ৩- মানৱাধিকাৰ, অসামৰিক, ৰাজনৈতিক, অৰ্থনৈতিক, সমাজিক আৰু সাংস্কৃতিক তথা উন্নয়নৰ অধিকাৰকে ধৰি সকলো অধিকাৰৰ ৰক্ষা আৰু প্ৰসাৰ

 ছুলতান শ্বাহীন,  প্ৰতিস্থাপক সম্পাদক, নিউ এজ ইছলাম

এছীয়ান ইউৰেছীয়ান হিউমেন ৰাইটছ ফ’ৰামৰ তৰফৰপৰা


অধ্যক্ষা মহোদয়া,

অ’ আই চিৰ সচিব প্ৰধানজনে যোৱা সপ্তাহত কৈছিল যে অ’ আই চিয়ে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ নীতিসমূহৰ পৰিপ্ৰক্ষিতত ইছলামত মানৱাধিকাৰ সম্পৰ্কত কাইৰ ঘোষণাপত্ৰৰ পুনৰীক্ষণৰ পাছত তাক গ্ৰহণ কৰিব । এই কথাটোৱে আমাক আস্বস্ত কৰিব পাৰিলেহেতেন যদিহে গাইগুটিয়াকৈ সদস্য ৰাষ্ট্ৰবোৰে মানৱাধিকাৰৰ প্ৰতি দায়বদ্ধতা দেখুৱালেহেতেন । কিন্তু তেনে হোৱা দেখিবলৈ পোৱা নাযায় । কেইটামান উদহৰণেই যথেষ্ট হ’ব । তুৰষ্কত এনে এখন আইন প্ৰৱৰ্তন কৰা হৈছে যিখন অনুসৰি শিশু ধৰ্ষণকাৰীয়ে শাস্তিৰপৰা ৰেহাই পাব পাৰে যদিহে সিহঁতে ধৰ্ষিতাক বিয়া কৰায় । অৰ্থাৎ ধৰ্ষণক বৈধতা দিয়া হৈছে । পাকিস্তানত প্ৰতিবছৰে শ- শ হিন্দু, শিখ আৰু খ্ৰীষ্টিয়ান ছোৱালীক বলপূৰ্বক ধৰ্মান্তৰিত কৰা হৈছে । একেদৰে ধৰ্মদ্ৰোহ আইনৰ অধীনত শ্বিয়া, আহমেদিয়া, ইছমাইলী, হাজাৰা আদি সংখ্যালঘূ গোটৰ ওপৰত উৎপীড়ণ চলোৱা হৈছে । পাকিস্তানকে ধৰি অন্যান়়্য বহু ইছলামিক দেশত শিশুসকলক আত্মঘাতী সন্ত্ৰাসবাদী হ’বলৈ নিয়োগ কৰা হৈছে । 

অধ্যক্ষা মহোদয়া,

অ’ আই চিৰ সচিব প্ৰধানজনে এইটোও কৈছে যে সংগঠনটোৱে সন্ত্ৰাসবাদী সংগঠনবোৰৰ বিৰুদ্ধে নিয়মিত মাত মাতি গৈছে । কিন্তু কেৱল সন্ত্ৰাসবাদীৰ আদৰ্শগত ভাষ্যৰ বিৰুদ্ধে মাত মাতি থাকিলেই কাম নহ’ব আৰু আজিলৈকে ইয়াৰ ফলত একো কাম হোৱা নাই । জিহাদীয়ে অকল ভাষ্য ব্যৱহাৰ নকৰে । তেওঁলোকে এটা অতি সুসংগঠিত আৰু হিংসাত্মক দৰ্শনক লৈ কাম কৰি আছে ।

এই দৰ্শনটো যথেষ্ট কাৰ্যক্ষম কাৰণ ই ইছলামৰ পাৰম্পৰিক মতবাদবোৰৰ সৰ্বসন্মতিৰ এপৰত প্ৰতিষ্ঠিত । আমাৰ পণ্ডিতসকলৰ ভাষ্যই ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে । শান্তি আৰু বহুত্বৰ এটা নতুন দৰ্শন উদ্ভাৱন কৰিব লাগিব । ইও হ’ব লাগিব সমানে সংঘবদ্ধ । এই ক্ষেত্ৰত অ’ আই চিৰ কোনো ভুমিকা চকুত পৰা হোৱা নাই ।

অ’ আই চিৰ বৌদ্ধিক গোট অ’ আই চি শ্বৌট অল-হিকমা চেন্টাৰ ফৰ উইচ অৱ উইজডমে  মাত্ৰ ইছলামৰ যোগাত্মক আদৰ্শসমূহ যেনে সহনশীলতাৰ উল্লেখ কৰি আহিছে যিবোৰ  কোৰাণৰ প্ৰথম যুগৰ পদবোৰৰ ওপৰত প্ৰতিষ্ঠিত কিন্তু এইবোৰক কেতিয়াবাই পাৰম্পৰিক উলেমাই বাতিল হোৱা বুলি ঘোষণা কৰি থৈছে । জিহাদী দৰ্শনক সাৰ পানী যোগোৱা নীতিবোৰৰ কথা উলেমাসকলে বিবেচনা কৰা নাই । উদাহৰণস্বৰুপে কোৰাণখন অজন্মা বুলি বিবেচনা কৰাৰ নীতিটোৱে কোৰাণৰ কথাবোৰক অনন্তকাললৈ আৰু বিশ্বজনীন বৈধতা প্ৰদান কৰিছে আৰু ইয়াৰ ভিতৰত আছে সেইবোৰ পদো যিবোৰ যুদ্ধৰ সময়ৰ কোৱা হৈছিল ; বাতিল নীতি, যিয়ে কয় যে মদিনা যুগৰ যুদ্ধকালীন নিৰ্দেশনাবোৰে আগৰ শান্তি আৰু বহুত্বৰ বাণীক বাতিল কৰিছে ; তকফিৰ যি মুছলমানৰ একাংশক কাফিৰ , মুশ্ৰিক আৰু মুনাফিক আখ্যা দি তেওঁলোকক হক্যা কৰিব লাগে বুলি কয় ; পৃথিৱী ধ্বংস বিষয়ক সূত্ৰবোৰ যেনে গজৱা-এ-হিন্দ, যি আইছিছক যুৱ সমাডৰ মাজত জন্পিৰয়া কৰি তুলিছে; ইছলামৰ প্ৰসাৰৰ বাবে আক্ৰমণাত্মক জিহাদৰ ধাৰণা; গোলকীয় মুছলীম খিলাফতৰ ধাৰণা আৰু গণতন্ত্ৰক অনা-ইছলামিক আখ্যা দিয়া কাৰ্য ; অল-ৱালা ৱল-বাৰা নীতি ( সমৰ্থন বা বিৰোধ, প্ৰেম বা হিংসা সকলো ঈশ্বৰৰ বাবে ) যি অকল মুছলমানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অ-মুছলমানৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰাৰ কথা কয় ; অল-অম্ৰ বিল-মাৰুফ ৱান-নাহি অনিল মুনকাৰ ( শুদ্ধটো উপভোগ কৰা আৰু ভুলটো নিষিদ্ধ কৰা ) যাৰ মতে অকল ইছলামেই শুদ্ধ আৰু অনা-ইছলামিক ধৰ্মবোৰ ভুল ; অসহায় আৰু দৰ্বল মুছলমানে নিজৰ শৰীৰটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি শ্বহীদ হ’ব লাগে বোলা ধাৰণাটো ইত্যাদি এনে বহু নীতি । 

অধ্যক্ষা মহোদয়া,
যদি অ’ আই চিয়ে সচাকৈ কিবা এটা পৰিৱৰ্তন আনিব খোজে তেনেহলে ই জিহাদী দৰ্শনক ভালকৈ চালি-জাৰি চাই কোৰাণ আৰু চুন্নাৰ ভিত্তিত ইয়াক অস্বীকাৰ কৰিব লাগিব । ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰে মানৱাধিকাৰৰ প্ৰতি আপোচহীন দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগিব । তেওঁলোকে যেতিয়া ৰাষ্ট্ৰসংঘৰ মানৱাধইকাৰ চনদত চহী কৰিছিল তেতিয়া তেওঁলোকে ইয়াৰ দফাবোৰৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল । মানৱাধিকাৰ পৰিষদে এইটো সুনিশ্চিত কৰক যে ইয়াত চহী কৰা সকলে মানৱাধিকাৰৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰে ।

মোৰ এটা দশকজোৰা জিহাদী সাহিত্য আৰু এইবোৰৰ মূল, মাদ্ৰাছাসমূহত পঢ়োৱা ধৰ্মতত্বৰ  অধ্যয়নৰ ভিত্তিত মই কওঁ যে জিহাদীৰ বিৰুদ্ধে উলেমাসকলে কাৰ্যকৰী কোনো ভাষ্য যদি প্ৰস্তুত কৰিব লাগে তাৰ কাৰণে তলত দিয়া কথাকেইটা মনত ৰাখিব লাগিব । তেওঁলোকে মই কোৱা এই কথাকেইটা ধৰ্মীয় পৰিভাষাৰে সজোৰে উপস্থআপন কৰিব লাগিব আৰু বিতংকৈ ব্যাখ্যা কৰিব লাগিব যদিহে তেওঁলোকে সঁচাকৈয়ে যুৱসমাজক বিপথে যোৱাৰপৰা ৰক্ষা কৰিব খোজে ।


১. জিহাদ ফি চবিলিল্লাহ ( জিহাদ ঈশ্বৰৰ পথ) প্ৰকৃততে এক আন্তৰিক, আধ্যাত্মিক সংগ্ৰাম নিজৰ বেয়া ভাৱ আৰু ইচ্ছাবোৰৰ বিৰুদ্ধে আৰু ই ঈশ্বৰৰ প্ৰতি থকা দায়িত্ব পালনৰ সহায়ক। ই হৈছে মুছলমানে অনৰ্গল সন্মূখিন হোৱা এক সংগ্ৰাম যাৰ লক্ষ্য হৈছে ঈশ্বৰ বিশ্বাসৰপৰা বিচলিত নোহোৱাকৈ মনক সংযত কৰি ৰখা । এই উলেমাসকলৰ বাবে সমস্যাজনক হ’ব পাৰে কাৰণ ইছলামৰ প্ৰতিটো মতবাদতে জিহাদক অবিশ্বাসী সকলৰ বিৰুদ্ধে আৰু ইছলামৰ প্ৰচাৰৰ বাবে যুদ্ধ আখ্যা দিয়া হৈছে ।  কিন্তু ইয়াৰ বিৰুদ্ধে  অৰ্থবহ এটা ভাষ্য সৃষ্টি কৰিবলৈ হ’লে এই কাম কৰিবই লাগিব ।

২. ঈশ্বৰৰ পথত কিতাল (যুদ্ধ ) হৈছে জিহাদ ফি ছবিলিল্লাহৰেই এটা ৰূপ পিছে ই অলপ নিম্ন পৰ্যায়ৰ জিহাদ । জিহাদ ফি ছিবিলিল্লাহৰ ধৰ্মযুদ্ধৰ সৈতে কোনো সম্পৰ্ক নাই । ইছলামত ধৰ্মযুদ্ধৰ কোনো ধাৰণা নাই । জিহাদ ফি ছবিলিল্লাহ কেতিয়াবা ধৰ্মীয় উৎপীড়ন বা দমনৰ বিৰুদ্ধে শাৰিৰীক সক্ষমতাৰ ভিত্তিত বিধিসঙ্গতভাৱে স্থাপিত কোনো ইছলামিক ৰাষ্ট্ৰৰ শাসকৰ নেতৃত্বত হ’ব পাৰে । কিন্তু সেয়া হব লাগিব কিছুমান কঠোৰ নিয়মৰ মাজেদি যেনে কোনো ইছলামিক ৰাষ্ট্ৰই ৰক্ষাত্মক যুদ্ধত লিপ্ত হোৱাৰ সময়ত অথবা আগতীয়াকৈ যুদ্ধ ঘোষণা কৰি , শত্ৰুপক্ষৰ সৈতে সকলো সন্ধি বাতিল কৰি আৰু নিৰস্ত্ৰ মানুহক কোনো ধৰণে ক্ষতি নকৰাকৈ ইত্যাদি । কোনো সংগঠন বা ব্যক্তিয়ে কোনো পৰিস্থিতিত যুদ্ধ আৰম্ভ কৰি তাক জিহাদ ফি ছবিলিল্লাহ আখ্যা দিব নোৱাৰে ।

৩. যুদ্ধকালীন যিবোৰ পদ কোৰাণত আছে যেনে চুৰা তৱবাহ ( বাৰাহা বুলিও জনা যায়), চুৰা অনফাল, চুৰা অল মায়দা, চুৰা অল বাকৰা, চুৰা অল হজ ইত্যাদি, সেইবোৰ ব্যৱহাৰ কৰি বহু দেৱ-দেৱীৰ উপাসক সকলৰ অথবা খ্ৰীষ্টধৰ্মী আৰু ইহুদিবোৰৰ বিৰুদ্ধে কোনো স্থায়ী যুদ্ধ ঘোষণা কৰিব নোৱাৰি ।
কোৰাণ হৈছে কিছুমান পদৰ সংকলন যিবোৰ ঈশ্বৰে নিজে সৃষ্টি কৰিছিল আৰু পয়গম্বৰ মহম্মদক কৈছিল । এইবোৰ হৈছে পয়গম্বৰ আদমৰ দিনৰপৰা চলি অহা বিশ্বজনীন ধৰ্মৰ নিৰ্দেশনা যিবোৰ বিশ্বৰ সকলো প্ৰান্তৰৰ সকলো দেশৰে, স্থানীয় ভাষাত সমমৰ্যাদাৰ বিভিন্ন মহাপুৰুষৰ যোগেদি ঈশ্বৰে মানুহৰ মাজলৈ বিলাই আহিছে (কোৰাণ ২:১৩৬) ।  গতিকে শান্তি, সহিষ্ণুতা, বহুত্ব আৰু সহাৱস্থানৰ কথা কোৱা, কোৰাণৰ প্ৰথম অংশৰ বাণীবোৰ হৈছে ইছলমাৰ ভেটি ।
অৱশ্যে কোৰাণত এনেকুৱা কিছুমান পদো আছে যিবোৰত পয়গম্বৰক ঈশ্বৰে নিৰ্দেশ দিছিল কেনেকৈ ঈশ্বৰৰ বাণী স্বীকাৰ কৰিবলৈ নিবিচৰা মক্কাবাসীসকলৰ উপৰিও মদিনাত বাস কৰা ইহুদি আৰু খ্ৰীষ্টধৰ্মীসকলৰ সৈতে মোকাবিলা কৰিব লাগিব । মক্কাৰ বিধৰ্মীসকলে মহম্মদক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল । মহম্মদ আৰু তেওঁৰ অনুগামীসকলে মক্কা এৰি মদিনালৈ গুছি যোৱাৰ পিছতো তেওঁলোকে তেওঁক অনুসৰণ কৰিছিল । এই পদবোৰ হৈছে কিছুমান অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক সমল । এইবোৰৰপৰা বুজিব পাৰি আমাৰ ধৰ্মটো প্ৰতিষ্ঠা কৰিবলৈ মহম্মদে কিমান কষ্ট কৰিবলগীয়া হৈছিল । কিন্তু ঐতিহাসিক মূল্য থকা স্বত্ত্বেও ১৪০০ বছৰ আগতে শেষ হোৱা এখন যুদ্ধৰ নিৰ্দেশনাবোৰৰ বৰ্তমান যুগত কোনো প্ৰাসঙ্গিকতা নাই । আমি এতিয়া কোনো যুদ্ধ কৰি থকা নাই । জিহাদীবোৰে এই পদবোৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে আৰু এইবোৰক ২১শ শতিকাত মান্যতা দিয়া ধ্ৰুপদী পণ্ডিতসকলে ইছলমাৰ অনিষ্ট কৰি আহিছে । মুছলমানসকলে এই জালত ভৰি দিয়া অনুচিত ।

অধ্যক্ষা মহোদয়া,

৪. পুৰণি বাণীবোৰ বাতিল কৰাৰ যি নীতি কট্টৰপন্থীসকলে আওৰায় সেয়া এক ভূৱা নীতি । ঈশ্বৰে কিবা এটা নিৰ্দেশনা দি পৰৱৰ্তী সময়ত তাক বাতিল নকৰে । মাত্ৰ যুদ্ধকালীন কেতবোৰ নিৰ্দেশনাৰ ম্যাদ উকলিব পাৰে । মক্কাৰ সময়ৰ পদবোৰত উল্লেখ থকা শান্তি আৰু অন্যান্য ধৰ্মৰ সৈতে সহাৱস্থানৰ বাণীক মদিনাৰ সময়ৰ যুদ্ধৰ বাণীবোৰে বাতিল কৰি দিয়াৰ কথাটো অবান্তৰ । কিন্তু কোৰাণৰ তফচিৰ সম্বন্ধীয় বহুতো গ্ৰন্থই আমাক সেই কথাই কয় । মাদ্ৰাছাবোৰত সেই শিক্ষাই দিয়া হয় ।
১৮শ শতাব্দীৰ পণ্ডিত শ্বাহ ৱলিউল্লা দেহলাৱীকে ধৰি পৰৱৰ্তী সময়ৰ কোৰাণৰ ব্যাখ্যাকাৰসকলে  বাতিল হোৱা পদৰ সংখ্যা পূৰ্বে উল্লিখিত পাঁচশৰপৰা কমাই আনি মাত্ৰ পাঁচ কৰিছিল । কিন্তু আজিও কোৰাণৰ বহু ভাষ্যকাৰে পুৰণি ব্যাখ্যাকাৰসকলৰ  উদ্ধৃতিয়েই আওৰাই থাকে আৰু তাক অনুসৰণ কৰে । উদাহৰণ স্বৰূপে কোৰাণৰ পুৰণি তফচিৰত  (ব্যাখ্যা) দাবী কৰা হৈছে যে এটা তৰোৱাল সম্বন্ধীয় পদে ( কোৰাণ ৯ঃ৫) অকলেই ১২৪ টা শান্তি সম্বন্ধীয় পদক বাতিল কৰে ।  এই বাতিল নীতিক ভূৱা আখ্যা দিয়া ২০শ শতিকাৰ পণ্ডিত গুলাম আহমেদ পাৰৱেজক উলেমাসকলে অকাল প্ৰস্ত ( যু্ক্তিবাদী) বুলি আক্ৰমণ কৰে যেন ইছলমাত যুক্তিবাদী হোৱাটো এটা অপৰাধহে ।  এইবোৰ এতিয়া বন্ধ হ’ব লাগে আৰু আমি ঘোষণা কৰিব লাগে যে শান্তি, বহুত্ব আৰু সহাৱস্থানৰ মক্কাকালীন পদবোৰ মদিনাকালীন যুদ্ধ আৰু মুশ্ৰিকীন ( বহু দেৱ-দেৱীৰ উপাসক) আৰু অহ্ল-এ-কিতাব ( ইহুদি ঈৰু খ্ৰীষ্টধৰ্মী) সকলৰ বিৰুদ্ধে বিদ্বেশমূলক পদবোৰে বাতিল নকৰে । যুদ্ধ সমৰ্থক পদবোৰ ৭ম শতিকাত মহম্মদ আৰু তেওঁৰ অনুগামীসকলৰ বিৰুদ্ধে চলা যুদ্ধৰ সময়তহে প্ৰাসঙ্গিক আছিল ।   উদাহৰণ স্বৰূপে চুৰা তৱবাহ আছিল ৬৩০ চনত মহম্মদে তাবুক অভিযান চলোৱাৰ আগমূহুৰ্তৰ বাণী । যুদ্ধ শেষ হোৱাৰ লগে লগে ই অচল বুলি ঘোষিত হ’ব লাগিছিল ।

৫. আইছিছ আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠনসমূহে ব্যৱহাৰ কৰি থকা সহস্ৰাব্দত পৃথিৱী ধ্বংস হোৱাৰ ভৱিষ্যৎবাণী সন্দেহজনক কিছুমান হাদিছৰ ভিত্তিত প্ৰতিষ্ঠিত আৰু এইবোৰ অচল । মুছলমানসকলে এইবোৰত গুৰুত্ব দিয়া অনুচিত ।
সন্ত্ৰাসবাদী তত্বজ্ঞসকলে নিজৰ কাৰ্যকলাপৰ সমৰ্থনত বহুতো হাদিছৰ উদ্ধৃতি দিয়ে । পাকিস্তানত গজৱাতুল হিন্দ বা ভাৰত বিৰোধী যুদ্ধৰ সপক্ষে ব্যাপত হাৰত চলি থকা প্ৰচাৰো এই ভৱিষ্যৎবাণীৰ ওপৰতে প্ৰতিষ্ঠিত । এই কথাটোত গুৰুত্ব দিয়াতো প্ৰয়োজন যে হাদিছ অৰ্থাৎ পয়গম্বৰৰ তথাকথিত বাণীৰ সৈতে ৱাহী অৰ্থাৎ ঈশ্বৰৰ সংকেতসমূহ একাকাৰ কৰি পেলোৱাটো ভুল ।  হাদীছবোৰ পয়গম্বৰে কোৱাৰ লগে লগে লিখা হোৱা নাছিল । কোৰাণত সন্নিবিষ্ট দৈৱ সংকেতসমূহ লগে লগে লিখা হৈছিল আৰু কেইবাজনো লোকৰ দ্বাৰা লিখা হৈছিল ।  হাদীছবোৰ আমালৈ আহিছে বহুকেইজন লেখকৰ এক শৃংখল পাৰ হৈ । বিভিন্ন কাৰণত কেইবাহাজাৰো হাদীছ জালিয়াতিৰে প্ৰস্তুত কৰাৰ কথাও জনা যায় । গতিকে সামগ্ৰিকভাৱে অধৰ্মীসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ কথা কোৱা আৰু বিশ্বৰ অন্তৰ সময়ৰ যুদ্ধৰ কথা কোৱা  হাদীছবোৰক আজিৰ দিনত নতুন যুদ্ধ আৰু গজৱা-এ-হিন্দ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ।

৬. তকফিৰ অৰ্থাৎ আন মুছলমানক কাফিৰ বুলি কোৱাটো ইছলামত গ্ৰহণযোগ্য নহয় । ঈশ্বৰে ধৰ্মদ্ৰোহৰ বাবে অথবা নাস্তিকতাৰ বাবে কোনো শাস্তিৰ ব্যৱস্থা কৰা নাই । তেওঁ কোনো শাসক, কোনো পণ্ডিত বা আন কোনো ব্যক্তিকো তেনে কৰাৰ অধিকাৰ দিয়া নাই । গতিকে কোনোবাই এনে ধৰণৰ কাম কৰাৰ যদি কিবা প্ৰমাণো থাকে তেনেহলে তাৰ শাস্তিৰ দায়িত্ব ঈশ্বৰৰ । গতিকে  ধৰ্মদ্ৰোহৰ বাবে অথবা নাস্তিকতাৰ বাবে কোনো  বিচাৰ বা শাস্তিৰ ব্যৱস্থা কৰাটো বাদ দিব লাগিব ।
নাস্তিকতাৰ বিৰুদ্ধে যুদ্ধৰ ঐতিহাসিক উদাহৰণ দি এই শাস্তিদানৰ প্ৰক্ৰিয়াটো ন্যায়সঙ্গত বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হয় । পয়গম্বৰৰ পিছতে প্ৰথম খলিফা পদত অধিষ্ঠিত হোৱা হজৰত আবু বকৰে শাসনভাৰ লৈয়েই ৰিড্ডা যুদ্ধ ( নাস্তিকতাৰ বিৰুদ্ধে যুদ্ধ ) আৰম্ভ কৰিছিল ।  কিন্তু সেয়া আছিল সম্পূৰ্ণ পৃথক সময় আৰু স্থান । কোনেও নাজানে তেওঁক সেই কাম কৰিবলৈ কিহে বাধ্য কৰিছিল । লগতে আজি আমাৰ মাজৰ কোনো এজনকো ইছলামৰ জ্ঞানৰ ক্ষেত্ৰত হজৰত আবু বকৰৰ লগত তুলনা কৰিব নোৱাৰি । ইছলাম গ্ৰহণ কৰা তেওঁৱেই আছিল প্ৰথমজন মানুহ আৰু মহম্মদৰ পয়গম্বৰ হিচাপে ২৩ বছৰীয়া সময়ছোৱাৰ ঘনিষ্ঠতম সহ়যোগী । সেই সময়ৰ ৰিড্ডা যুদ্ধৰ উদাহৰণ দি আমি আজিৰ দিন্ত কোনো নাস্তিকৰ বিৰুদ্ধে মৃত্যুৰ আদেশ দিব নোৱাৰোঁ ।

ধৰ্মবিশ্বাসৰ ক্ষেত্ৰত ইতিহাস বৰ ভাল দিগদৰ্শক নহয় । ইতিহাসক বিভিন্ন ধৰণে ব্যাখ্যা কৰিব পাৰি । ই প্ৰায়েই শাসকৰ সহায়ক হোৱাকৈ সৃষ্টি কৰি লোৱা কাহিনী কিছুমানৰ ওপৰত প্ৰতিষ্ঠিত হয় । আমি এইটো তথ্য স্বীকাৰ কৰি লোৱা উচিত যে কোৰাণ আৰু হাদীছে  কোনো শাস্তিৰ কথা নকয় আৰু কাকো শাস্তি দিয়াৰ অধিকাৰো নিদিয়ে ।  এয়া ঈশ্বৰ আৰু এজন মুছলমানৰ মাজৰ কথা । আমি ঐশ্বৰিক দায়িত্ববোৰ নিজৰ হাতলৈ অনাৰ চেষ্টাৰপৰা বিৰত থকা উচিত । কোৰাণ আৰু হাদিছৰ ভিত্তিত আমি এনে সকলোবোৰ  শাস্তি আৰু যুদ্ধ নিষিদ্ধ কৰিব লাগে ।

অধ্যক্ষা মহোদয়া,
৭. ইছলামিক ইতিহাসৰ দীৰ্ঘ এছোৱা সময় নিজকে খলিফা আখ্যা দিয়া বহুতো ৰজাই সাম্ৰাজ্যবাদী যুদ্ধৰ জৰিয়তে ৰাজ্য বহলোৱাত লাগি আছিল । সেই সময়ৰ ধৰ্মগুৰুসকলে সেই কাৰ্যৰ সহায়ক হোৱাকৈ ধৰ্মগ্ৰন্থবোৰ  ব্যাখ্যা কৰিছিল । এইবোৰ আছিল ইছলামৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে তথাকথিত জিহাদ ফি ছবিলিল্লাহ । আজি আমি আধুনিক ৰাষ্ট্ৰৰ এখন বিশ্বত বাস কৰিছো । আমাৰ আন্তঃৰাষ্ট্ৰীয় নীতি ৰাষ্ট্ৰসংঘৰ চনদৰ দ্বাৰা নিৰ্দ্ধাৰিত হয় য’ত ইছলামিক ৰাষ্ট্ৰবোৰকে ধৰি বিভিন্ন ৰাষ্ট্ৰই চহী কৰিছে ।  বিংশ শতাব্দীৰ প্ৰথম দশক পৰ্যন্ত চলি থকাৰ দৰে আজি কোনেও ইচ্ছা অনুসৰি ৰাজ্য বহলাব নোৱাৰে ।   গতিকে  এজন আগশাৰীৰ পণ্ডিত ইমাম আবু হামীদ মহম্মদ অল গাজালীয়ে ( ১০৫৮-১১১১ খ্ৰীঃ) কৈ যোৱা,  ‘মুছলমানে বছৰত অতি কমেও এবাৰ জিহাদৰ দৰে পৱিত্ৰ কৰ্তব্য কৰিব লাগে’ - এনে ধৰণৰ বিভ্ৰান্তিকৰ ধাৰণাসমূহ ত্যাগ কৰা দৰকাৰ ।  এই কথাবোৰৰ কোনো ধৰ্মগ্ৰন্থভিত্তিক ভেটি যে আছে সেয়া সন্দেহজনক । আজিৰ দিনত এয়া চুড়ান্ত অবাস্তৱ আৰু ঈশ্বৰে আমাক অবাস্তৱ কাম কৰিবলৈ নকয়  (কোৰাণ ২ঃ২৮৬)। হিংসাত্মক, ঘৃণা বিয়পোৱা দফাবোৰ সেইবোৰৰ মধ্যযুগীয় ব্যাখ্যাবোৰৰ সৈতে মাদ্ৰাছাৰ পাঠ্যপুস্তকবোৰৰপৰা মচি পেলোৱা উচিত ।  

৮. কোৰাণ বা হাদীছ ক’তো এখন গোলকীয়া খালিফেত বা মুছলমানৰ ৰাষ্ট্ৰৰ কথা নাই । আধুনিক বহুত্ববাদী ৰাষ্ট্ৰবোৰ মহম্মদে মিছাক-এ-মদিনা  প্ৰদত্ত সংবিধানেৰে স্থাপন কৰা প্ৰথমখন ইছলামিক ৰাষ্ট্ৰৰ সৈতে প্ৰায় একেই । মুছলমানক এখন গোলকীয়া খালিফেতৰ কোনো দৰকাৰ নাই । যদিও মুছলীম সংখ়্যাগৰিষ্ঠ  ৰাষ্ট্ৰবোৰে ইউৰোপীয় সংঘ বা আন আঞ্চলিক গোটবোৰৰ দৰে কোৰাণৰ নীতিৰ ভিত্তিত মুছলীম ৰাষ্ট্ৰপূঞ্জ গঠন কৰিব পাৰে । ভাৰতত খিলাফত এ ওচমানিয়া ৰ সমৰ্থনত( অটমান সাম্ৰাজ্য) আৰম্ভ হোৱা খিলাফত আন্দোলনে জাগৃত কৰা আৱেগ এতিয়াও মাৰ যোৱা নাই । এই আন্দোলনটোৰ শাস্ত্ৰগত অবৈধতাৰ আধ্যয়ন আৰু ইয়াৰ ভুলবোৰৰ বিৰোধিতা হোৱাটো দৰকাৰ ।

৯. আধুনিক গণতন্ত্ৰত কোৰাণত উল্লেখ থকা অমৰাহুম চুৰা বৈনাহুম প্ৰকাশ পায় । গতিকে মুছলমানসকলে নিজে থকা দেশখনত সংখ্যাগৰিষ্ঠ হিচাপেই হওক বা ধৰ্মীয় সংখ্যালঘূ হিচাপেই হওক গণতন্ত্ৰ শক্তিশালী কৰিবলৈ চেষ্টা কৰিব লাগে । এইটো সত্য যে পয়গম্বৰৰ মৃত্যুৰ পাছৰ মাত্ৰ ৩০ বছৰলৈকেহে ইছলামিক ইতিহাসত গণতান্ত্ৰিক ক্ষমতা হস্তান্তৰ দেখিবলৈ পোৱা গৈছিল । তেতিয়াৰেপৰা কোৰাণৰ  অমৰাহুম চুৰা বৈনাহুম (ইছলামিক ব্যৱস্থা মুছলমানৰ মাজত আলোচনাৰ ভিত্তিত প্ৰতিস্থিত – অশ্ব চুৰা ৪২ঃ৩৮) ধোৱাঁচাঙত উঠিল ।  কোৰাণৰ সম্পূৰ্ণ সমতাৰ ধাৰণা ( অল-হুজুৰাট ৪৯ঃ১৩) আৰু  অমৰাহুম চুৰা বৈনাহুম আছিল আধুনিক গণতন্ত্ৰৰ বাবে সঠিক নীতি ।  কিন্তু ইছলামিক ইতিহাসৰ গোটেই সময়ছোৱাতে এই দুই নীতিক সম্পূৰ্ণ আওকাণ কৰা হ’ল । আমাৰ ইতিহাস হৈছে  মূলতঃ ধাৰ্মিকৰ চোলা পিন্ধা কিছুমান ক্ৰুৰ শাসকৰ কাহিনী যাৰ সাম্ৰাজ্যবাদ আৰু একনায়কত্ববাদক এচাম উলেমাই কোৰাণৰ বিশ্বজনীন নিৰ্দেশনাবোৰৰ বিৰুদ্ধে গৈ কিছুমান বিভ্ৰান্তিকৰ ফটোৱাৰ জৰিয়তে সমৰ্থন কৰিছিল ।  ইয়াৰ ফলত আজিও মাত্ৰ কেইখনমান মুছলীম ৰাষ্ট্ৰইহে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হোৱাৰ দাবী কৰিব পাৰে । জিহাদী তত্বজ্ঞবোৰে প্ৰচাৰ কৰে যে গণতন্ত্ৰ হৈছে চয়তানৰ সৃষ্টি যাক এতিয়া ইছলামৰ শত্ৰু বিশেষকৈ পশ্চিমীয়া সাম্ৰাজ্যবাদৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ।  এয়া সম্পূৰ্ণ মিছা আৰু ইছলামৰ পৰিপন্থী । ইয়াক উলেমাসকলে সম্পূৰ্ণৰূপে আৰু শক্তিশালীভাৱে অস্বীকাৰ কৰা উচিত । গণতন্ত্ৰ হৈছে ইছলামিক শাসন প্ৰণালীৰ শ্ৰেষ্ঠতম পৰম্পৰাৰ অংশ । আমাৰ প্ৰথম চাৰিজন খলিফা, খুলাফা-এ-ৰশ্বিদুন ( ন্যায়সঙ্গতভাৱে পৰিচালিত খলিফা) গণতান্ত্ৰিকভাৱে সকলো মুছলমানৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছিল । মুছলমানক হুকুমত-এ-ইলাহিয়া ( ঈশ্বৰৰ সাৰ্বভৌমত্ব ) আৰু ইকামত-এ-দীন ( ইছলামিক বিপ্লৱ) কৰিবলৈ আহ্বান জনোৱা নীতিক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব লাগে । গণতন্ত্ৰ আমাৰ বাবে ঈশ্বৰে নিৰ্বাচিত কৰা পদ্ধতি আৰু আমাৰ ধাৰ্মিক পূৰ্বজসকলে পৰালৈকে ইয়াক অনুসৰণ কৰি আছিল । ইছলামিক ইতিহাসৰ প্ৰথম তিনি দশকত এই গণতান্ত্ৰিক ব্যৱস্থাটো নৃশংস শাসক কিছুমানে নিজৰ দখললৈ নি  খিলাফতৰ নামত এটা বংশানুক্ৰমিক ৰাজতন্ত্ৰৰ সৃষ্টি কৰাটোত তেওঁলোকৰ সমৰ্থন নাছিল । খুলাফা-এ-ৰশ্বিদানৰ চতুৰ্থজন, হজৰত আলিয়ে হজৰত মুৱাৱিয়াৰ ক্ষমতা দখলৰ প্ৰচেষ্টাৰ বিৰুদ্ধে যুঁজ কৰিছিল আৰু গণতান্ত্ৰিক পদ্ধতিৰে খলিফা নিৰ্বাচনৰ সলনি বংশানুক্ৰমিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বিৰুদ্ধে যুঁজত ইমাম হুছেইনে প্ৰাণ ত্যাগ কৰিছিল ।
১০. ইছলাম কোনো বিশ্বজয়ৰ ৰাজনৈতিক নীতি নহয় । ইছলামে আমাৰ জীৱনৰ বিভিন্ন দিশ পৰিচালনাত আমাক দিকনিৰ্দেশ দিলেও ই মূলতঃ এটা আধ্যাত্মিক পথ আৰু ই ঈশ্বৰে সময়ে সময়ে সম মৰ্যাদাৰ বিভিন্ন মহাপুৰুষৰ (কোৰাণ ২ঃ১৩৬, ২১ঃ২৫, ২১ঃ৯২) দ্বাৰা মানুহক দেখুউৱা বিভিন্ন পথৰ এটা ( কোৰাণ ৫ঃ৪৮) । ঈশ্বৰে ভাল কাম কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিবলৈ কৈছে ( কোৰাণ ২ঃ১৪৮, ২৩ঃ৬১) আৰু আমি সেইটোতেই গুৰুত্ব দিব লাগে । যিহেতু কোৰাণে আগৰ প্ৰতিটো ধৰ্মমতক বৈধতা প্ৰদান কৰে সেয়ে আমি সকলো ধৰ্মকে একে ঐশ্বৰিকতাৰ পথ হিচাপে সন্মান কৰিব লাগে । ইছলাম হৈছে আটাইতকৈ বেছি বহুত্ববাদী ধৰ্ম আৰু মুছলমানসকল আটাইতকৈ বেছি বহুত্ববাদী হোৱা উচিত ।
১১. সকলো ধৰ্মৰ মানুহ তেওঁলোকৰ নিজ নিজ ধৰ্মৰ শ্বৰিয়াৰ ভিত্তিত অন্তিম বিচাৰৰ মূখামুখি হ’ব লাগিব ।  গতিকে অকল মুছলমানবোৰ স্বৰ্গলৈ যাব বুলি কোৱাটো অবান্তৰ । কোৰাণে স্পষ্টভাৱে এনে চিন্তাত বাধা দিছে ইহুদিসকলৰ দৰে আগৰ ধৰ্মীয় সম্প্ৰদায়ৰ উদাহৰণেৰে যি নিজকে ঈশ্বৰৰ দ্বাৰা নিৰ্বাচিত বুলি বিবেচনা কৰিছিল । কোৰাণে ইহুদিসকলক স্বৰ্গ কেৱল তেওঁলোকৰ কাৰণে বুলি ভবাৰ বাবে ঠাট্টাও কৰিছে (২ঃ৯৪)। ঈশ্বৰে সকোল ধৰ্মৰ লোককে তেওঁলোকক দিয়া নিৰ্দেশনাৰে বিচাৰ কৰিব (কোৰাণ ৫ঃ৪৮) । স্বৰ্গলৈ যাবলৈ কোনো বিশেষ ধৰ্মৰ লোকক নিৰ্দিষ্ট কৰি থোৱা হোৱা নাই । মুছলমানে আন ধৰ্মক হেয় জ্ঞান কৰাৰ কোনো কাৰণ নাই ।
অধ্যক্ষা মহোদয়া,
১২. অল-ৱালা ৱল-বাৰা নীতি ( সমৰ্থন বা বিৰোধ, প্ৰেম বা হিংসা সকলো ঈশ্বৰৰ বাবে ) কট্টৰপন্থীসকলে প্ৰচাৰ কৰে আৰু মাদ্ৰাছাবোৰত বিশেষকৈ ছোদি আৰবত পঢ়োৱা হয় । এইটো ভুল ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত আৰু আজিৰ জটিল গোলকীয় সমাজত ই অবাস্তৱ ।  আজিৰ বিশ্বত অকল মুছলমানৰ লগত সম্পৰ্ক ৰাখি অ-মুছলমানৰ লগত সম্পৰ্ক ছেদ কৰা সম্ভৱ নহয় । এনে ধৰণৰ কথা শিকোৱা মাদ্ৰাছাৰ পাঠ্যপুথিবোৰ সংশোধন কৰাটো দৰকাৰী কাৰণ এইবোৰে আমাৰ শিশুসকলক সমাজত সমিলমিলেৰে জীয়াই থকাত বাধা দিয়ে । এই নীতিয়ে মুছলমানবোৰৰ মাজত এক ধৰণৰ ঐক্য বা কোৰাণে সমৰ্তন কৰা ভাতৃত্ববোধ বুজাব পাৰে ( কোৰাণ ৪৯ঃ১০) কিন্তু ই নিশ্চিতভাৱে আন সম্প্ৰদায়ক হেয় কৰাৰ কথা নিশিকায় । কোৰাণে সকলো মানুহক সমান চকুৰে চায় আৰু সন্মান কৰে  ( কোৰাণ ১৭ঃ৭০) ।
১৩. অল-ৱালা ৱল-বাৰা নীতিৰ আন এটা বিপজ্জনক ফল হৈছে ই তকফিৰৰ সৈতে যোগ হৈ মুছলমানক নিজৰ বাহিৰে মুছলমানৰে আন সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক ৰখাত বাধা দিছে ।  বহুতো উলেমাই এই নীতি ব্যৱহাৰ কৰি ইছলামৰ আন গোটবোৰক বিধৰ্মী আখ্যা দি সেইবোৰৰ গোটৰ অনুসৰণকাৰীক হত্যা কৰিবলৈ উচতনি দিয়ে । শ্বিয়া, আহমেদীয়া আৰু ছুফীৰ ওপৰত আক্ৰমণ সাধাৰণ ঘটনাত পৰিণত হৈছে । মধ়্যপ্ৰাচ্যৰ শ্বিয়া-চুন্নী সংঘাতে তথাকথিত ইছলামিক ষ্টেটৰ উত্থানত সাৰ পানী যোগাইছিল ।  উলেমাসকল এই দুয়োটা নীতিৰ বিৰুদ্ধে একগোট হওক আৰু ইয়াক অনা-ইছলামিক আখ্যা দিয়ক ।

১৪. অল-অম্ৰ বিল-মাৰুফ ৱান-নাহি অনিল মুনকাৰ ( শুদ্ধটো উপভোগ কৰা আৰু ভুলটো নিষিদ্ধ কৰা ) নীতিটো এটা সুন্দৰ নীতি কিন্তু ইয়াক বলেৰে বলৱৎ কাৰ হৈছে ।  প্ৰখ্যাত ইছলামিক পণ্ডিত জাভেদ আহমাদ ঘামিডিয়ে কোৱাৰ দৰে এইটো বুজা দৰকাৰ যে মাৰুফ শব্দটোৱে বিশ্বজনীনভাৱে যিটো সঠিক বুলি বিবেচিত সেইটোক আৰু মুনকাৰ শব্দটোৱে  বিশ্বজনীনভাৱে যিটো ভুল বুলি বিবেচিত সেইটোক বুজাইছে । ই গাৰ বলেৰে মানুহক ইছলাম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱাটো নুবুজায়  বা মহম্মদক পয়গম্বৰ হিচাপে মানি লবলৈ বাধ্য কৰাটো বা বহু দেৱ দেবী পূজা কৰাটো বলেৰে বন্ধ কৰাটো নুবুজায় । যিসকলে বলেৰে এই নীতি বলৱৎ কৰিবলৈ বিচাৰে তেওঁলোক ভুল আৰু তেওঁলোকৰ বিৰোধিতা কৰাটো দৰকাৰী । উলেমা সকলে মাৰুফ আৰু মুনকাৰ শব্দদুটাৰ অৰ্থৰ পূনৰীক্ষণ কৰিব লাগে আৰু এই নীতি  বলৱৎ কৰিবলৈ শক্তি প্ৰয়োগ কৰাৰ বিৰুদ্ধে মাত মাতিব লাগে ।

১৫. লা ইক্ৰাহা ফিড দীন ( কোৰাণ ২ঃ২৫৬) অৰ্থাৎ ধৰ্মত কোনো বাধ্যবাধকতা নাই  এটা বিশ্বজনীন নীতি আৰু ইয়াক কোনো পৰিস্থিতিত ভঙ্গ কৰিব নোৱাৰি । কোৰাণৰ আন বহু কেইটা পদ যেনে ১০ঃ৯৯ আৰু ১৮ঃ২৯ য়ে ইয়াক সমৰ্থন কৰে । ১৮ঃ২৯ পদটোৱে এই কথাটোক আৰু সমৰ্তন কৰে - ৱকুলি অলহক্কু মিন ৰব্বিকুম, ফামান শ্বা ফাল্যুমিন ৱামান শ্বা ফল্যাকফুৰ (সত্য তোমাৰ ঈশ্বৰে দিয়া গতিকে যি বিশ্বাস কৰে তাক বিশ্বাস কৰিবলৈ দিয়া আৰু যি অস্বীকাৰ কৰে তাক কৰিবলৈ দিয়া ) । উলেমাসকলে কোৰাণৰ এই কথাবোৰ আওকাণ কৰাটো বন্ধ কৰক আৰু এইবোৰক প্ৰচাৰ কৰক যদিহে জিহাদবাদ  সচাকৈ প্ৰতিৰোধ কৰিব বিচাৰিছে ।
১৬. সকলো ধৰ্মকে অহ্ল-এ-কিতাব বিবেচনা কৰা হওক যাৰ লগত মুছলমানে বৈবৈহিক সম্পৰ্ককে ধৰি ঘনিষ্ঠ সম্পৰ্কসমূহ স্থাপন কৰিব পাৰে । কোৰাণৰ মতে ঈশ্বৰে সকলো জাতিলৈকে নিজৰ বাণী প্ৰেৰণ কৰিছে আৰু আৰু এইবোৰক সংগ্ৰহ কৰিলে এইবোৰে পৱিত্ৰ গ্ৰন্থৰ ৰূপ লয় । এনে কিছুমান মহাপুৰুষৰ উল্লেখ আছে আৰু কিছুমানৰ নাই ।  হাদিছৰ মতে পৃথিৱীলৈ এনে ১,২৪,০০০ মহাপুৰুষ আহিছে আৰু বিভিন্ন সময়ত বিভিন্ন স্থানত বভিন্ন ভাষাত তেওঁলোকে ঈশ্বৰৰ বাণী বিলাইছে  । ঈশ্বৰে কোৰাণত এই বিষয়ে কি কৈছে চাওঁ -
"প্ৰতিটো সম্প্ৰদায় বা প্ৰতিখন ৰাষ্ট্ৰৰ বাবে একোজনকৈ দূত আছে“ ( কোৰাণ
 ১০ঃ৪৭)।
" (হে মহম্মদ ) আমি তোমাৰ আগতেও দুত প্ৰেৰণ কৰিছিলো । ইয়াৰে কিছুমানৰ কাহিনী আমি তোমাক কৈছো কিছুমানৰ কাহিনী আমি কোৱা নাই ।" (কোৰাণ ৪০ঃ৭৮)।
"কোৱা, ‘আমি ঈশ্বৰক বিশ্বাস কৰোঁ আৰু তেওঁ আমাক, আব্ৰাহামক, ইছমাইলক, আইজাকক আৰু তেওঁলোকৰ সতি-সন্ততিসকলক কোৱা কথাবোৰত বিশ্বাস কৰোঁ আৰু মোজেছ, যীশু আৰু তেওঁলোকৰ মহাপুৰুষসকলক তেওঁলোকৰ ঈশ্বৰে কোৱা কাথবোৰত বিশ্বাস কৰোঁ । আমি তেওঁলোকৰ মাজত কোনো ভেদ-ভাৱ নকৰোঁ আৰু ঈশ্বৰৰ ওচৰত আমি নিজকে সমৰ্পণ কৰোঁ ।"  (অল বকাৰা ২ঃ১৩৬)
" (মহম্মদ) তোমাৰ আগতে  আমি পঠোৱা প্ৰতিজন দুতকে আমি দৈৱ দৰ্শন দিছিলো । " ( কোৰাণ ১২ঃ১০৯)
"আমি ঈশ্বৰৰ দুতসকতলৰ মাজত কোনো ভেদ-ভাৱ নকৰোঁ । " ( অল বকাৰা ২ঃ২৮৫)

পাৰম্পৰিক ধৰ্মতত্বই কোৰাণৰ এই পদবোৰ আওকাণ কৰে । উলেমা সকলে শান্তি আৰু বহুত্বৰ ভিত্তিত এক নতুন ইছলামিক ব্যাখ্যা আগবঢ়োৱাৰ সময়ত এই  এই কথাবোৰ মনত ৰখা উচিত । সময়ৰ সৈতে খাপ খাবলৈ আৰু বৰ্দ্ধিত সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰিবলৈ ই সহায়ক হ’ব ।
১৭. উলেমাসকলে ইছলামৰ সেই দৃষ্টিকোণটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে যি এনে এখন সমাজ কল্পনা কৰে য’ত সকলোৰে ধৰ্মীয় স্বাধীনতা থাকিব । প্ৰথমবাৰ আত্মৰক্ষাৰ বাবে অস্ত্ৰ ধাৰণ কৰিবলৈ  যেতিয়া মুছলমানক অনুমতি দিয়া হৈছিল তেতিয়া তেওঁলোকক কোৱা হৈছিল যে এয়া সকলো ধৰ্মীয় সম্প্ৰদায়ৰ ধৰ্মীয় স্বাধীনতাৰ ৰক্ষাৰ বাবে দৰকাৰী ।  
"যদি ঈশ্বৰে এদল মানুহক আন এদলৰ দ্বাৰা বাধা নিদিয় তেনেহলে তেওঁলোকে গীৰ্জা, মঠ, ছিনাগগ আৰু মছজিদবোৰ এফালৰ পৰা ধ্বংস কৰি যাব য’ত ঈশ্বৰৰ নাম খোদিত আছে । "(কোৰাণ ২২ঃ৪৪) । স্পষ্টভাৱে মুছলমানক সকলোৰে ধৰ্মীয় স্বাধীনতাৰ বাবে যুঁজিবলৈ কোৱা হৈছিল কেৱল মুছলমানৰ নহয় । গতিকে ধৰ্মীয় সংখ্যালঘূৱে উৎপীড়ণৰ সন্মূখিন হোৱা স্থানত মুছলমানে তেওঁলোকৰ অধিকাৰৰ বাবে মাত মতাটো দায়িত্ব বিশেষকৈ যদিহে এয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশত হৈছে । স্পষ্টভাৱে ইছলামে এইটো মানে যে ধৰ্মীয় স্বাধীনতা আৰু মানৱাধিকাৰ ইটো সিটোৰ লগত জড়িত । এই দৰ্শনক কথা আৰু কামেৰে প্ৰাসাৰতা দিয়াটো উলেমাসকলৰ দাায়িত্ব । ভাৰতীয় মুছলমানে পাকিস্তান আৰু বাংলাদেশৰ দৰে দেশৰ হিন্দু আৰু খ্ৰীষ্টিয়ান সংখ্যালঘুৰ বাবে মাত মতাটো দৰকাৰী ।
১৮. ইছলামত আত্মহত্যা নিষিদ্ধ  (কোৰাণ ৪ঃ২৯)। যিকোনো পৰিস্থিতিতে এয়া হাৰাম । ই ইমানেই ডাঙৰ এক পাপ হিচাপে বিবেচিত যে পয়গম্বৰ মহম্মদে তেওঁৰ এজন সহযোগীৰ শেষকৃত্যত অংশগ্ৰহণ কৰা নাছিল কাৰণ তেওঁ যুদ্ধত পোৱা আঘাতৰ পীড়া সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিছিল ।  যুদ্ধৰ আহিলা হিচাপে মুছলমানে আত্মহত্যাক ব্যৱহাৰ কৰিব নোৱাৰে । অসহায়  আৰু নিপিড়ীত মুছলমানে তথাকথিত শ্বহিদীৰ বাবে নিজৰ শৰীৰটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে বোলা যুক্তিটো  গোকাট মিছা । কোৰাণত আৰু হাদীছত স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰা হৈছে । এই বিষয়ত ইছলামৰ প্ৰকৃত স্থিতি উলেমাসকলে স্পষ্টভাৱে প্ৰচাৰ কৰা দৰকাৰ । ভাৰতীয় মুছলমানৰ কাৰণে এইটো লাজৰ কথা যে পাকিস্তানত তালিবানে শিক্ষা লোৱা দেওবন্দী আৰু অহ্ল-এ-হদিছী মাদ্ৰাছাবোত যিবোৰ পাঠ্যপুথি পঢ়োৱা হয়, সেইবোৰেই ভাৰতৰ মাদ্ৰাছাতো পঢ়োৱা হয় আৰু এইবোৰত আত্মহত্যাক যুদ্ধৰ বৈধ হাথিয়াৰ বিবেচনা কৰা হৈছে ।  স্পষ্টতঃ উলেমাসকলে তেওঁলোকৰ ছাত্ৰসকলক ভালকৈ বুজাই দিয়া নাই ইছলামত আত্মহত্যা আৰু নিৰপৰাধী মানুহৰ হত্যাক কিমান ডাঙৰ অপৰাধ হিচাপে গণ়্য কৰা হৈছে ।

মই আশা কৰোঁ যে উলেমাসকলে ইউটিউব চেনেলত ভিডিঅ আৰু প়ডকাষ্ট আৰম্ভ কৰাৰ আগতে তেওঁলোকেনো কি ক’বলৈ গৈ আছে সেয়া চিন্তা কৰিব । তেওঁলোকে বুজিব লাগিব যে গধুৰ গধুৰ ভাষণ কিছুমান দিলেই কামটো হৈ নাযায় । ‘ইছলাম মানে শান্তি’ জাতীয় শ্লগানবোৰৰ অৰ্থ নাইকীয়া হৈ গৈছে ।  আমাৰ দৈনন্দিন অভিজ্ঞতাৰ অংশ কেতবোৰ বাস্তৱতাৰ ভিত্তিত  এইবোৰ বৰ্তমান কৌতুকত পৰিণত হৈছে । মুছলমানে মছজিদৰ ভিতৰত নিজকে বোমাৰে উৰুৱাই দি আন মুছলমানক হত্যা কৰাটো এতিয়া সাধাৰণ কথা । এইবোৰ ঘটিবলৈ পাইছে কাৰণ তেওঁলোকে তকফিৰ দৰ্শনত বিশ্বাস কৰে যি দৰ্শনে তেওঁলোকক এইটো ভাবিবলৈ অধিকাৰ দিয়ে যে তেওঁলোকে যিবোৰ লোকক বিধৰ্মী বুলি বিবেচনা কৰে সেইবোৰে নিজকে মুছলমান বুলি পৰিচয় দিলেও তেওঁলোকে তেওঁলোকক শাস্তি দিব পাৰে ।  কাফিৰ (বিধৰ্মী) আৰু মুশ্বিৰ্ক (মুৰ্তিপূজক) লোকক হত্যা কাৰটোক জিহাদ বিবেচনা কৰিবলৈ মাদ্ৰাছাৰ পাঠ্যপুথিতো শিকোৱা হয় ।
এটা কথা ন দি ক’ব পাৰি যে ভাৰতৰ কোনো মাদ্ৰাছা শিক্ষকে ছাত্ৰক এইবোৰ কথা জোৰ দি নিশিকায় । কিন্তু এইটোও সত্য যে পাঠ্যপুথিত এনে ধৰণৰ কথাৰ উল্লেখ থকা মানেই ছাত্ৰসকলৰ অন্ততঃ একাংশক উগ্ৰ কৰি গঢ়ি তোলা । পকিস্তানি জিহাদী বা আইছিছ, অল কাইদা আদি সংগঠনে ইন্টাৰনেটত বহুল প্ৰচাৰ চলাই থকা কথাবোৰ এইবোৰেই ।  গতিকে মুছলমান ছাত্ৰই উগ্ৰতাৰ পাঠ ল’বলৈ মাদ্ৰাছালৈ যোৱাৰো সকাম নাই ।
বিশ্বজুৰি বহু পেছাদৰী ব্যক্তিয়ে নিজৰ কাম-কাজ বাদ দি জিহাদী সংগঠনত যোগ দিছে । একাংশ ভাৰতীয় পেছাদাৰীয়েও আইছিছত যোগ দিছে ।  সেয়েহে জিহাদবাদৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ বিচৰা ধৰ্মগুৰুসকলে সেইবোৰ কথাৰ বিপৰীত ভাষ্য কিছুমান সৃষ্টি কৰাটো দৰকাৰী যিবোৰ ব্যৱহাৰ কৰি য়ুৱসমাজক ফুচুলাই থকা হৈছে ।

No comments:

Post a Comment